শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত

0 238

নগাঁৱৰ জাজৰিৰ সদ্য প্ৰতিষ্ঠিত সদা-সত্য ন্যাসৰ উদ্যোগত দক্ষিণ জাজৰি সাংস্কৃতিক গোষ্ঠীৰ সহযোগত ১৩ আগষ্টত প্ৰথম বাৰৰ বাবে প্ৰদান কৰা হয় স্বৰ্গীয় ঘনকান্ত মহন্ত, সদানন্দ মহন্ত, সত্যৱতী মহন্ত স্মাৰক শৈক্ষিক বঁটা – ২০২৩। দক্ষিণ জাজৰি সাংস্কৃতিক গোষ্ঠীৰ সভাগৃহত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি অসমৰ মূখ্য তথ্য আয়ুক্ত তথা প্ৰাক্তন অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাষ্কৰ জ্যোতি মহন্তই কয় – ছাত্র-ছাত্রী সকলে পৰীক্ষাত ৯০-১০০% নম্বৰ পাবই লাগিব বুলি কথা নাই। তেওঁলোকৰ যিটো বিষয়ৰ প্ৰতি ৰাপ আছে বা ভাল পাই তেনে বিষয় নিৰ্বাচিত কৰি লব লাগে। মহন্তই ভাষণ প্ৰসংগত নিজৰ বিষয়ে কবলৈ গৈ কয় যে – আমি বহু প্ৰত্যাহ্বান পাৰ কৰি এইখিনি পাবলৈ সক্ষম হৈছো। আমি প্ৰত্যাহ্বানৰ সন্মুখীন হবই লাগিব।কিতাপ পঢ়িব লাগিব। আৰু আমি নিজকে তৈয়াৰ কৰি লব লাগিব। আমি বিশ্ব পৃথিৱীখন চাবৰ চেষ্টা কৰিব লাগিব। ইয়াৰ বাবে লাগিব চেষ্টা, বাৰে বাৰে কৰা চেষ্টা। আমি মূল্যবোধৰ বাতাবৰণ সৃষ্টি কৰিব লাগিব। জেষ্ঠ সাংবাদিক ৰাহুল দেৱ বৰদলৈয়ে আদৰণি ভাষণ আগবঢ়োৱা গাম্ভীৰ্যপূৰ্ণ সভাখনত সভাপতিত্ব কৰে ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা, সু-বক্তা মোহিনীমোহন ডেকাই। সভাপতি ডেকাই ভাষণ প্ৰসংগত কয়- ছাত্র-ছাত্রী সকল নিজৰ লক্ষ্যত আগবাঢ়ি যাওক, কেতিয়াও থমকি ৰ’ব নেলাগে।কিতাপ পঢ়াৰ আনন্দই সুকীয়া। কিতাপ পঢ়িলেহে গম পাব পৃথিৱীখন কিমান আগবাঢ়ি গৈছে। আমাক আন্তজাতিক দৃষ্টিভংগীৰ প্ৰয়োজন হব। আমি কত ৰৈ আছো আৰু পৃথিৱীখন কিমান আগবাঢ়ি গৈছে। সভাত উপস্থিত দুই শতাধিক ছাত্র-ছাত্র, ৰাইজক উদ্দেশী ডেকাই আৰু কয়- যান্ত্রিক বস্তুবাদী সমাজত আমি কিছুমান মানৱতাৰ সৰু বৰ সৃষ্টি কৰিব লাগিব।যত আমি নিজেই স্নান কৰি পৰিস্কাৰ হ’ব লাগিব। আমাৰ দৰে কিছুমান মানুহে সমাজখন শেষ কৰি পেলাইছে। তোমালোকে সমাজখন নতুনকৈ নিৰ্মান কৰিব লাগিব। আজি এটা কথা প্ৰমাণিত হৈছে যি কিতাপ পঢ়িব সি পৃথিৱী শাসন কৰিব। আমাক এনে কিছুমান মানুহে শাসন কৰিব ধৰিছে, যাৰ বাবে সামাজিক জীৱন বিষময় হৈ উঠিছে।

যুগস্মিতা মহন্তই আঁতধৰা অনুষ্ঠানত জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তণ অধ্যক্ষ দেবেন শইকীয়া, বৰ্তমানৰ অধ্যক্ষা অঞ্জলী কটকী, শিক্ষাবিদ হেমচন্দ্ৰ তামুলী, প্ৰমোদ শৰ্মা, নৰেন বৰা, জীৱন ৰাম বৰা, সত্রাধিকাৰ টংকেশ্বৰ গোস্মামী, গোষ্ঠীৰ সভাপতি প্ৰবীন চন্দ্ৰ বৰদলৈ, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত, বিশিষ্ট অভিনেত্রী ৰুবী মহন্ত, সদা-সত্য ন্যাসৰ পৰিয়ালবৰ্গৰ জ্যোতিৰ্ময় মহন্ত, জয়ন্ত মহন্ত, ডা: উৎপল কুমাৰ মহন্ত, অপূৰ্ব মহন্ত, নিয়ৰ মহন্ত, স্বপ্নালী মহন্তকে ধৰি দক্ষিণ জাজৰি সাংস্কৃতিক গোষ্ঠীৰ সদস্য সকল।অনুষ্ঠানত অঞ্চলটোৰ চাৰিগৰাকী দুখীয়া আৰু মেধাৱী ছাত্র-ছাত্রী ক্ৰমে- নুৰজাহান বেগম, কল্প অভিলাষ নাথ, সোনমনি দাস আৰু হৰ্ষিতা বৰাক সদা-সত্য ন্যাসৰ শৈক্ষিক বঁটা-২০২৩ ৰ হৈ ফুলাম গামোছা, এটা স্মাৰক, অভিনন্দন পত্র আৰু নগদ দহ হেজাৰ টকা আগবঢ়োৱাৰ লগতে ২০২২-২৩ বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ ৯ গৰাকী অঞ্চলটোৰ কৃতী ছাত্র-ছাত্রীক অভিনন্দন জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে স্বৰ্গীয় ঘনকান্ত মহন্ত, সদানন্দ মহন্ত আৰু সত্যৱতী মহন্তৰ প্ৰতিচবিত শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলনৰ পিছতে শিল্পী প্ৰণতি মহন্তৰ এটি বৰগীত পৰিবেশনেৰে অনুষ্ঠান আৰম্ভ হয়। এই শৈক্ষিক বঁটা প্ৰতি বছৰে প্ৰদান কৰা হ’ব বুলি ন্যাসৰ তৰফৰ পৰা জানিবলৈ দিয়ে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.