শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়লৈ ‘নাক’ৰ B++ গ্ৰেড

0 156

নগাওঁ জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ে সোমবাৰে নাকে ঘোষণা কৰা মূল্যায়নত ‘বি(++)’ গ্ৰেড পাবলৈ সক্ষম হৈছে৷মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠিত মহাবিদ্যালয়খনত চলিত বৰ্ষৰ ৩ আৰু ৪ এপ্ৰিলত হোৱা মূল্যায়নৰ ফলাফল আজি নাকৰ ৱেবছাইটত উপলব্ধ হয় ৷

মহাবিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে ১৯৮৯ চনত প্ৰতিষ্ঠিত মহাবিদ্যালয়খনত প্ৰথমবাৰৰ বাবে হোৱা মূল্যায়ন সফলতাৰে সম্পূৰ্ণ হয় ৷ বটদ্ৰৱা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজে মহাবিদ্যালয়খনে বি (প্লাচ প্লাচ) গ্ৰেড পোৱাৰ পিছত সন্তুষ্টি প্ৰকাশ কৰি মহাবিদ্যালয়খনক সুন্দৰ ৰূপত উপস্থাপন কৰাৰ সহায়ৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।ইফালে এই ফলাফল লাভ কৰি মহাবিদ্যালয়ৰ শিক্ষক – কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকল উৎফুল্লিত হৈ বিহুনৃত্য-গীতেৰে আনন্দ উপভোগ কৰে।

Leave A Reply

Your email address will not be published.