সপ্তম শতিকাৰ ৰাজপ্ৰসাদ উদ্ধাৰ- বুৰঞ্জীৰ সমলে দিব অধিক তথ্য

0 310

গোলাঘাটৰ দুৱৰণিত উদ্ধাৰ হৈছে সপ্তম শতিকাৰ ৰাজপ্ৰসাদ ।২৫ ডিচেম্বৰৰ পৰা চলি থকা পুৰাতত্ব বিভাগৰ খনন কাৰ্য্যত আৱিস্কৃত হৈছে পুৰণি ৰাজপ্ৰসাদৰ লগতে কীৰ্তি চিহ্নৰ।উল্লেখযোগ্য যে এই বিশেষ কীৰ্তিচিহ্ন সমূহ কছাৰী ৰজাৰ ৰাজপ্ৰসাদ বুলি ঠাৱৰ কৰা হৈছে।মন্দিৰ, দেৱ দেৱীৰ মূৰ্তিৰ পৰা আদি কৰি বহুকেইপদ সমল পুৰাতত্ব বিভাগে উদ্ধাৰ কৰিছে।ৰাজপ্ৰসাদৰ চাৰিওফালে কেবাটাও ওখ ভেটি প্ৰত্যক্ষ কৰিছে।প্ৰসংগক্ৰমে উল্লেখযোগ্য যে স্থানীয় ৰাইজে এই স্থানতে সূৰ্য্য দেৱতাৰ মূৰ্ত্তি উদ্ধাৰ কৰিছে।ডিকান কলেজৰ ৩গৰাকী ,কটন বিশ্ববিদ্যালয়ৰ১ গৰাকী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২গৰাকী ছাত্ৰী,প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ কাৰিকৰী বিষয়া নৱজিৎ দেউৰীৰ লগতে বহুকেইজন বিষয়া উদ্ধাৰ অভিযানৰ লগত জড়িত আছিল ।আগন্তুক দিনত আৰু বহুকেইপদ সমল উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে।

Leave A Reply

Your email address will not be published.