সমাগত স্বাধীনতা দিৱস -কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত আৰক্ষীৰ ব্যাপক সতৰ্কতা

0 304

দেশ স্বাধীন হোৱাৰ ৭৩ বছৰ পাছত প্ৰথমবাৰৰ বাবে ‘কভিড-১৯’ কেন্দ্ৰিক পৰিস্থিতিৰ বাবে ব্যতিক্ৰম ধৰণৰে আগন্তুক ১৫ আগষ্টত ৭৪ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হ’ব। ইফালে স্বাধীনতা দিৱসলৈ মাজতে মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত অসম আৰক্ষীয়ে ক’ভিড কেন্দ্ৰিক পৰিস্থিতিৰ মাজতো ৰাজ্যজুৰি নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে।
 
 
 
 
বিশেষকৈ ৰাজ্যৰ স্পৰ্শকাতৰ জিলা হিচাপে পৰিগণিত হৈ অহা কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। এই সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষীৰ আৰক্ষী আয়ুক্ত মুন্নাপ্ৰসাদ গুপ্তাই জানিবলৈ দিয়া মতে বহু বছৰ বিৰতিৰ পাছত স্বাধীনতা দিৱস কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ’বলগীয়া জৰ্জ খেলপথাৰকে ধৰি সমূহ গুৱাহাটী মহানগৰীত কেবা তৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে।
 
ইতিমধ্যে জৰ্জ খেলপথাৰখনৰ নিৰাপত্তাৰ দায়িত্ব ৮ আগষ্টত মহানগৰ আৰক্ষীয়ে চমজি লৈ অকৰ্তৃত্বশীল লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। তেনেদৰে জৰ্জ খেলপথাৰৰ নিৰাপত্তাৰ দিশটো নিশ্চিত কৰাৰ লগতে চৌপাশে সন্দেহ জনক লোকৰ গতিবিধি নিৰাপত্তা কৰাৰ বাবে ২৫ টা উচ্চ ক্ষমতা সম্পন্ন চি চি কেমেৰা স্থাপন কৰা হৈছে।
 
 
ইয়াৰ উপৰিও দিশপুৰ ৰাজধানী চৌহদ, গুৱাহাটী তেল শোধনাগৰ, ৰাজভৱন চৌহদ, গুৱাহাটী উচ্চ ন্যায়ালয়, শৰাইঘাট দলং, গুৱাহাটী ৰেলৱে ষ্টেচন, আই এচ বি টি চৌহদ, বিমান বন্দৰ, সকলো উৰণীয়া সেতুকে ধৰি গুৱাহাটী মহানগৰীৰ সকলো গুৰুত্বপূৰ্ণ স্থানত আৰক্ষী, চি আৰ পি এফকে ধৰি সহস্ৰ নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ লগতে সন্দেহজনক লোকৰ গতিবিধিৰ ওপৰত চকু ৰখাৰ বাবে অসামৰিক পোচাকত আৰক্ষীৰ লোক নিয়োগ কৰা হৈছে।
 
সমান্তৰালভাৱে মহানগৰ জিলা সংযোগী আটাই কেইটা পথ অৰ্থাৎ আন্ত: জিলাৰ প্ৰৱেশ পথত আৰক্ষীয়ে বেৰিকেড বহুৱাই যান বাহন তালাচী অভিযান আৰম্ভ কৰিছে। ইয়াৰ উপৰি ব্ৰহ্মপুত্ৰ নদীত আৰক্ষীয়ে তহলৰ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে কেতবোৰ স্থানত দ্ৰোণ ব্যৱহাৰ কৰা হৈছে। তেনেদৰে প্ৰতিখন থানাক নাগৰিক আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লগতে নাগৰিক সকলকো সাৱধানতা অৱলম্বন কৰি সন্দেহজনক সামগ্ৰী পৰিত্যক্ত অৱস্থাত পৰি থকা দেখিলে বা সন্দেহজনক লোক প্ৰত্যক্ষ কৰিলে কৰ্তব্যৰত আৰক্ষীৰ লোক বা সমীপবৰ্তী আৰক্ষী থানা চকীত অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে।
 
 
ইফালে মহানগৰ আৰক্ষীয়ে কামাণ্ডো আৰু স্নিফাৰ ডগ লৈ কেতবোৰ পাহাৰীয়া আৰু সন্দেহজনক অঞ্চলত তালাচী আভিযান আৰম্ভ কৰা হৈছে বুলি আৰক্ষী আয়ুক্ত মুন্নাপ্ৰসাদ গুপ্তাই জানিবলৈ দিয়ে। আনহাতে গুৱাহাটীৰ গাতে লাগি থকা কামৰূপ জিলাতো স্বাধীনতা দিৱস উপলক্ষে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে। কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তই জানিবলৈ দিয়া মতে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হ’বলগীয়া পেৰেড গ্ৰাউণ্ডকে ধৰি সকলো গুৰুত্বপূৰ্ণ স্থানত অতিৰিক্ত নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে।
 
 
তেনেদৰে জিলাখনৰ মেঘালয় সংযোগী পথকে ধৰি গোৱালপাৰা, নলবাৰী, কামৰূপ মহানগৰ, দৰং, বাগছা জিলাৰ সংযোগী আন্ত: জিলাৰ সংযোগী পথ সমূহত আৰক্ষীয়ে সন্দেহজনক যান-বাহনত তালাচী অভিযান আৰম্ভ কৰিছে। তেনেদৰে জিলাখনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীতো তহলৰ ব্যৱস্থা কৰাৰ লগতে কামৰূপ জিলাৰ আটাইকেখন থানা চকীত তালাচী চলাই থকাৰ ব্যৱস্থা কৰা হৈছে বুলি কামৰূপ জিলা আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তই জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.