সমাধিস্থৰ পৰম্পৰাগত শেহতীয়া প্ৰত্নতাত্ত্বিক ব্যৱস্থা শীৰ্ষক আন্তৰ্জাতিক আলোচনা চক্ৰ

0 88

দক্ষিণ এছিয়া আৰু দক্ষিণ পূৱ এছিয়াৰ সমাধিস্থ পৰম্পৰাৰ শেহতীয়া প্ৰত্নতাত্ত্বিক ব্যৱস্হা সন্দৰ্ভত অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ অধীনত প্ৰত্নতাত্ত্বিক সঞ্চালকালয়ৰ উদ্যোগত আজিৰ পৰা দুদিনীয়াকৈ এখন আন্তৰ্জাতিক আলোচনা চক্ৰ অনুষ্ঠিত হয় । গুৱাহাটী মহানগৰীৰ সমীপবৰ্তী সোণাপুৰৰ দিচাং ৰিজ’ৰ্টত আয়োজিত এই আলোচনা চক্ৰখন বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱাৰ পাছতে আদৰণী ভাষণ প্ৰদান কৰে ৰাজ্য চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ আযুক্ত সচিব ৰঞ্জন শৰ্মাই। তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে যে এই আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰখন আয়োজন কৰাৰ এক মূল উদ্দেশ্য হৈছে সমাধিস্থ কৰা পদ্ধতি আৰু অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানৰ বৈচিত্ৰ্যৰ বিষয়ে আলোচনা কৰাৰ লগতে সমাধিৰ পৰম্পৰাৰ সাংস্কৃতিক, সামাজিক আৰু ধৰ্মীয় তাৎপৰ্য্যৰ অনুসন্ধান কৰা।

ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপৰ সঞ্চালকপ্ৰধান ৱাই এছ ৰাৱাটে মুখ্য অতিথি হিচাপে উপস্হিত থাকি কয় যে দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ সমাজৰ সাংস্কৃতিক আৰু সামাজিক কাঠামোত সমাধি পৰম্পৰাই হাজাৰ হাজাৰ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই ক্ষেত্ৰত শেহতীয়াকৈ কৰা সাধনাসমূহ অন্বেষণ কৰি গৱেষক হিচাপে আমি দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত সমাধিস্থ কৰাৰ পদ্ধতিৰ বৈচিত্ৰ্য আৰু জটিলতাৰ বিষয়ে গভীৰ বুজাবুজি লাভ কৰিব পাৰো।

আলোচনা চক্ৰখনত মূল বক্তব্য প্ৰদান কৰে পদ্মশ্ৰী সন্মান প্ৰাপক অধ্যাপক যোগেন্দ্ৰ নাথ ফুকনে।সন্মানীয় অতিথি হিচাপে ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপৰ অতিৰিক্ত সঞ্চালকপ্ৰধান ( সংৰক্ষণ, বিশ্ব ঐতিহ্য, এন চি এফ) জাহ্নিজ শৰ্মা আৰু বিশিষ্ট অতিথি হিচাপে ইন্সটিউট অব আৰ্কিঅ’ল’জি এণ্ড আইক’নিক ছাইটৰ অতিৰিক্ত সঞ্চালকপ্ৰধান ( প্ৰত্নতাত্ত্বিক) ডঃ এছ কে মঞ্জুলে ভাৰ্চুৱেল মাধ্যমেৰে আলোচনাচক্ৰখনত বিষয়বস্তু সামৰি বক্তব্য আগবঢ়ায় । শ্ৰীলংকাৰ কেলানিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ অনুৰা মনাটুংগাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা এই অনুষ্ঠানত থাইলেণ্ড, শ্ৰীলংকা তথা ভাৰতৰ ভিন্ন ৰাজ্যৰ ভালেসংখ্যক প্ৰতিনিধি আৰু গবেষকে অংশগ্ৰহণ কৰি পৰম্পৰাগত সমাধিস্থৰ প্ৰত্নতাত্ত্বিক দিশ সম্পৰ্কে ব্যাখ্যা আগবঢ়ায় ।

তদুপৰি অনলাইন যোগে আয়োজিত আন এক বৈঠকত আফগানিস্তান, চেক প্ৰজাতন্ত্ৰৰ পণ্ডিত-গবেষকসকলে তেওঁলোকৰ গবেষণা পত্ৰসমূহ পাঠ কৰি পৰম্পৰাগত সমাধিস্থৰ বিভিন্ন দিশ উন্মোচন কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ পৰম্পৰাগত সমাধিস্থ কৰাৰ প্ৰক্ৰিয়া,ব্যৱস্থা তথা কৌশল আৰু এইসমূহৰ সৈতে আহোম ৰাজত্বকালৰ চৰাইদেউৰ মৈদাম সন্দৰ্ভত এক তুলনামুলক গবেষণাধৰ্মী আলোচনাই এই আন্তৰ্জাতিক আলোচনা চক্ৰখনক যথেষ্ট অৰ্থবহ কৰি তোলে ।আলোচনা চক্ৰখনত খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ লগতে বহু সংখ্যক গণ্যমান্য ব্যক্তি তথা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.