সাংবাদিকৰ মুকলি বিহু

0 318

সমন্বয়ৰ উদ্যোগত দীঘলীপুখুৰী পাৰত আজি সাংবাদিকৰ মুকলি বিহু অনুষ্ঠিত হয়। পতাকা উত্তোলনেৰে মুকলি বিহু আৰম্ভ হয়। আৰম্ভণিতে ২০ গৰাকী মহিলা সাংবাদিকে সমবেত সংগীত পৰিবেশন কৰে। ইয়াৰ পিছতে দুলীয়াজানৰ ৰণদ্বীপ বিহু হুচৰি দলে হুচৰি বিহু প্ৰদৰ্শন কৰে। উল্লেখ্য যে এই হুচৰি দলে গড় বচাওক শীৰ্ষক এক জনসজাগতা মূলক বাণী প্ৰতিখন বিহু মঞ্চত প্ৰচাৰ কৰি আহিছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি কৰ্মৰত সাংবাদিকসকলৰ শিশুসকলে নৃত্য, গীত আৰু কবিতা আবৃত্তি আদিয়ে এক সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে।

জ্যেষ্ঠ বহু কেইগৰাকী সাংবাদিকক সম্বৰ্দ্ধনা জনোৱাৰ লগতে সেৱা নামৰ স্বেচ্ছাসেৱী সংগঠনৰ ফালৰ পৰা একোটাকৈ মহানিমৰ গছ পুলি আগবঢ়ায়। অসমৰ সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা সেচ্ছসেৱী সংগঠন মাদাৰ অল এইজ হ’মক সম্বৰ্দ্ধনা জনায় লগতে শিল্পী সীমান্ত শেখৰে গীত পৰিবেশন কৰে। উক্ত অনুষ্ঠানত সমন্বয়ৰ বিষয়ববীয়াৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.