সাংস্কৃতিক জগতৰ ব্যৱহাৰ উপযোগী কৰি ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ পোষকতা সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ

0 140

সম্প্ৰতি ব্যবহাৰ অনুপযোগী হৈ পৰা ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰ খনৰ অন্যতম কেন্দ্র স্বৰূপ গুৱাহাটীৰ আমবাৰীত অৱস্থিত ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহৰ পুনৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্রহণ কৰিছে। নতুনকৈ নিৰ্মাণ কৰিব লগা প্ৰেক্ষাগৃহটোৰ আৰ্হি সন্দৰ্ভত আজি সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত মন্ত্রী গৰাকীৰ দিছপুৰৰ জনতা ভৱনৰ কাৰ্যালয় কক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
এই বৈঠকত সাংস্কৃতিক মন্ত্রী বড়াই সাংস্কৃতিক জগতৰ ব্যবহাৰ উপযোগী কৰি ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহৰ পুনৰ নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

নতুনকৈ নিৰ্মাণ কৰিব লগা প্ৰেক্ষাগৃহটোৰ এক সম্ভাব্য আৰ্হি বৈঠকত প্ৰদৰ্শন কৰাৰ পাছত প্ৰেক্ষাগৃহটোৰ আৰ্হি সন্দৰ্ভত নাট পৰিচালক দুলাল ৰয়, অবিনাশ শৰ্মা, নয়ন প্ৰসাদ, অনুপ জ্যোতি চৌধুৰী, সংগীতজ্ঞ ৰমেন চৌধুৰী, বিপুল দাস, শব্দ যন্ত্রী যতীন শৰ্মা, চিত্ৰশিল্পী জ্ঞানেন্দ্র বৰকটকী, মুকাভিনেতা ময়নুল হক, নৃত্য শিল্পী ৰামকৃষ্ণ তালুকদাৰ আৰু মল্লিকা কণ্ডলি আদি সাংস্কৃতিক জগতৰ বিশিষ্ট ব্যক্তি সকলে প্ৰেক্ষাগৃহটোৰ মঞ্চ, দৰ্শকৰ আসন, শব্দ ব্যবস্থা, কলা বিথিকা আদি নিৰ্মাণৰ সন্দৰ্ভত নিজ নিজ অভিমত ব্যক্ত কৰে। শিল্পী সকলে প্ৰেক্ষাগৃহটোক এক বহুমুখী সাংস্কৃতিক প্ৰকল্প হিচাপে গঢ়ি তোলাৰ পোষকতা কৰে।
বৈঠকত মন্ত্রী বড়াই ইয়াৰ নিৰ্মাণ কাৰ্য্য শিঘ্ৰে আৰম্ভ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগৰ বিষয়া সকলক নিৰ্দেশ প্ৰদান কৰে। বৈঠকত উপস্থিত থকা সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব ড০বি কল্যাণ চক্ৰৱৰ্তীয়ে এই প্ৰকল্পটো এক বিশ্ব মানৰ প্ৰকল্প হিচাপে নিৰ্মাণ কৰিবলৈ প্ৰয়োজন সাপেক্ষে ইয়াৰ আৰ্হিৰ পৰিবৰ্তন কৰাৰ বাবেও মতামত আগবঢ়ায়।

অনাগত প্ৰজন্মৰ বাবে এক উচ্চ মানৰ প্ৰকল্প হিচাপে ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহ নতুনকৈ নিৰ্মাণৰ ক্ষেত্রত শিল্পী সকলৰে পুনৰ এক বৈঠকত মিলিত হোৱাৰ বাবেও মন্ত্রী বিমল বড়াই বৈঠকত আগ্ৰহ প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.