চতুৰ্থ অসম আন্তঃৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য মেলা ২০১৭ আজি সামৰণি পৰে। যোৱা ৬ জানুৱাৰীৰ পৰা ৯ জানুৱাৰী অনুষ্ঠিত হোৱা মেলা খন গুৱাহাটী খানাপাৰাত অনুষ্ঠিত হয়। কৃষি উদ্যমী সকলৰ উৎসাহ যোগোৱা তথা উত্তৰ প্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ মানসেৰে কৃষি আৰু উদ্যান শস্য বিভাগে আয়োজন কৰিছিল। উদ্যান শস্য মেলাৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী তথা বিক্ৰীৰ ব্যৱস্থা কৰি থকা দেখা গৈছে। আজি অনুষ্ঠিত সামৰণি অনুষ্ঠানত ৰাজ্যপাল মাননীয় বানোৱাৰীলাল পুৰোহিতে অসমৰ কৃষি আৰু পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনীয়তাৰ বিষয়ে আলোকপাত কৰে। পৰম্পৰাগত কৃষি পদ্ধতিয়ে আগবাঢ়িবলৈ সকলোকে আহবান জনায়। আনহাতে কৃষি উদ্যান আৰু খাদ্য সংসাধন মন্ত্ৰী অতুল বৰাই কৃষি প্ৰয়োজনীয়তাৰ সম্পৰ্কে ভাষণ আগবঢ়ায়। উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপেদেষ্টা ঋষিকেশ গোস্বামী, ৰঞ্জিত দাস লগতে বহুকেইজন গন্য মান্য ব্যক্তি উপস্থিত আছিল।
Trending
- কামৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পৰীক্ষা পে চৰ্চা” অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ
- কামৰূপ নিৰ্বাচন জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ
- পলাশবাৰীৰ উপৰহালীত অটল পেঞ্চন যোজনাৰ সজাগতা সভা
- গণৰাজ্য দিৱস উপলক্ষে গোলাঘাটত কৃষি মন্ত্ৰী অতুল বৰাই উত্তোলন কৰিলে ত্ৰিৰংগ পতাকা
- ধেমাজিৰ আৰ্থ-সামাজিক বিকাশ সংস্থাৰ উদ্যোগত পষেকীয়া প্ৰশিক্ষণ শিবিৰ
- প্ৰথমবাৰৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত ধুবুৰী জিলাভিত্তিক গণৰাজ্য দিৱস উদযাপন
- অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা ৰাজ্যজুৰি বুথ সভা সম্পন্ন
- নলবাৰীত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন মন্ত্ৰী অশোক সিংহলৰ
- বিশ্ববাসীৰ মংগলৰ বাবে পাণ্ডুনাথ দেৱালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীবিষ্ণু মহাযজ্ঞৰ আয়োজন
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি