প্রতিবছৰৰ দৰে এইবাৰো বিষ্ণু ৰাভা বঁটা দুগৰাকী শিল্পীলৈ আগবঢ়াইছে।বিশিষ্ট ভাস্কর্য শিল্পী সোণাৰাম নাথ আৰু লোকশিল্পী দ্রোণ ভূঞালৈ আগবঢ়োৱা হৈছে ২০২১ বর্ষৰ বিষ্ণু ৰাভা বঁটা আগবঢ়োৱা হৈছে। ছিপাঝাৰৰ পশ্চিম প্রান্তৰ বোনমাঝাৰ সন্তান সোণাৰাম নাথ এগৰাকী চিত্ৰ ভাস্কৰ্য শিল্পী। তেখেতৰ ভাস্কৰ্য শিল্পৰ স্বাক্ষৰ হ’ল শিৱসাগৰ পিয়লি ফুকন, ভোগেশ্বৰ বৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা প্রতিমূর্তি৷তেখেতে বিভিন্ন প্রদর্শনীত উচ্চ প্রশংসিত হৈছে। ২০০৫ চনত অৱসৰ গ্রহণ কৰা শিল্পীজন আর্টিষ্ট গীল্ডৰ লগতো জড়িত হৈ আছিল।আনহাতে দ্রোণ ভূঞাকো অসম চৰকাৰৰ বিষ্ণু ৰাভাৰ বঁটাৰে সন্মানিত কৰা হয়। দৰঙী কলা–কৃষ্টি উন্নয়ন সংঘকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰে জডিত গুৰু দ্রোণ ভূঞালৈ অভিনন্দন জ্ঞাপন কৰিছে ভিন্ন ব্যক্তিবিশেষ তথা বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে৷
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী