সোণাৰিৰ আদৰ্শ বিদ্যালয়,ৰঙাপথাৰ ৰাজ্যৰ দহখন শ্ৰেষ্ঠ বিদ্যালয়ৰ তালিকাত অন্তৰ্ভুক্ত

0 311

আজি শিক্ষক দিৱস। শিক্ষক দিৱসৰ দিনটোত উৎফুল্লিত হৈ উঠিছে সোণাৰিৰ এখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল। কিয়নো ৰাজ্য চৰকাৰে ঘোষণা কৰা ১০ খন শ্ৰেষ্ঠ বিদ্যালয়ৰ সন্মান পাবলৈ সক্ষম হৈছে সোণাৰিৰ বিদ্যালয়খনে।
 
 
সোণাৰিৰ ৰঙাপথাৰস্থিত আদৰ্শ বিদ্যালয়লৈ আহিছে এই স্বীকৃতি। পূৰ্বৰ চৰকাৰৰ দিনতে স্থাপন কৰা ৰঙাপথাৰ আদৰ্শ বিদ্যালয়, চলিত বৰ্ষৰ ৰাজ্যৰখনৰ দহখন শ্ৰেষ্ঠ বিদ্যালয়ৰ তালিকাত স্থান লাভ কৰিছে।
 
 
আজি গুৱাহাটীত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত বিদ্যালয় খনক সন্মানিত কৰা হ’ব। এই কথা ঘোষণা কৰাৰ পাছতে উৎফুল্লিত হৈ উঠিছে বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল। মন কৰিবলগীয়া যে গুণগত শিক্ষাৰ জৰিয়তে বহুজনৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰা ৰঙাপথাৰৰ আদৰ্শ বিদ্যালয় চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহৰ বাবে আদৰ্শ হৈ পৰিছে।
খবৰ যুগুতালে সোণাৰিৰ পৰা অভিজিত ভূঞাই..

Leave A Reply

Your email address will not be published.