গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী অসম মেঘালয় সীমান্তৱৰ্তী ঐতিহাসিক বৃহত্তৰ ৰাণী অঞ্চলৰ একমাত্ৰ শৈক্ষিক, সাংস্কৃতিক তথা বহুমুখী প্ৰতিভাসন্ধানী অনুষ্ঠান “স্বাক্ষৰ” ৰ পূৰ্ণাংগ সমিতি ৰবিবাৰে ৰাণী শাখা ছাত্ৰ সন্থাৰ কাৰ্যলয়ত গঠন কৰা হয় । স্থানীয় সমাজসেৱক তথা শিক্ষক দ্বীজেন দাসৰ পৰিচালনাত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনৰ উদ্দেশ্য বাখ্যা কৰে “স্বাক্ষৰ” মুখ্য আহ্বায়ক ডেভিদ স্বৰ্গীয়াৰীয়ে । এই সভাতেই উপস্থিত থাকি শিক্ষক,কবি চবিন চন্দ্ৰ নাথ , প্ৰাক্তন ছাত্ৰ নেতা ক্ৰমে পৰাগজ্যোতি দাস , বিলম দাস আৰু আমজেদ আলীয়ে স্বাক্ষৰৰ পূৰ্ণাংগ সমিতি গঠন সন্দৰ্ভত আৰু ইয়াৰ ভৱিষ্যৎ কৰ্মপন্থাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে । উল্লেখ্য যে বিগত বহুবছৰ ধৰি স্বাক্ষৰে ৰাণীৰ অনগ্ৰসৰ গ্ৰামাঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পাঠদান প্ৰদান কৰি শৈক্ষিক দিশত অভূতপূৰ্ব সাফল্য বুটুলিবলৈ সক্ষম হৈছে । অকল শৈক্ষিক দিশতেই নহয় সাহিত্য , কলা, সংস্কৃতি , ক্ৰীয়া, বিজ্ঞান , সমাজসেৱা আদি বিভিন্ন দিশত ব্যতিক্ৰমী কাৰ্যপন্থাৰে কাৰ্যসূচী হাতত লৈ ভূয়সী প্ৰশংসাৰ লগতে কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় । বিশেষকৈ অধ্যাপক, সাহিত্যিক ডেভিদ স্বৰ্গীয়াৰীৰ একান্ত প্ৰচেষ্টাত গঢ় লৈ উঠা এই “স্বাক্ষৰ”ৰ পূৰ্ণাংগ সমিতিয়ে অনাগত দিনত ৰাণী অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে মুখ্য ভুমিকা গ্ৰহণ কৰিব ।
Trending
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে