স্বাৱ সংগ্ৰহৰ কীট উদ্ভাৱন কৰিছে এগৰাকী অসমৰ উদ্ভাৱকে

0 223

সমগ্ৰ বিশ্বতে ক’ৰণা ভাইৰাছে সন্ত্ৰাস চলাইছে। ক’ৰণা ভাইৰাছক ৰোধ কৰিবলৈ লকডাউন ঘোষণা কৰিছিল যদিও লকডাউনে দেশৰ অৰ্থনীতিক মন্দাৱস্থালৈ গতি কৰায়। যাৰ ফলস্বৰূপে কিছু শিথিলতাৰ মাজেৰে আনলক ৱান ব্যৱস্থা আৰম্ভ হয়। সম্প্ৰতি অসমত ১৮৭৭গৰাকী ক’ৰণাত আক্ৰান্ত ৰোগী পোৱা গৈছে।
 
 
 
এগৰাকী ক’ৰণাত আক্ৰান্ত ৰোগীক পৰীক্ষা কৰিবলৈ প্ৰথম অৱস্থাত স্বাস্থ্যকৰ্মীয়ে স্বাৱ সংগ্ৰহ কৰে। এই স্বাৱ সংগ্ৰহ কৰা সময়ত ক’ৰণা আক্ৰান্ত ৰোগীৰ দেহৰ পৰা ভাইৰাছ স্বাস্থ্যকৰ্মী গৰাকীৰ দেহলৈ সংক্ৰমিত হোৱাৰ সম্ভাৱনা বেছি। এজন স্বাস্থ্যকৰ্মীয়ে পি পি ই কিট পৰিধান কৰিলেও সংক্ৰমণ হ’ব পাৰে।
 
 
আনহাতে এই গৰমত পি পি ই কিট পৰিধান কৰাটো যথেষ্ট কষ্টকৰ। সেইসমূহ বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি মিৰ্জাৰ মিলনজ্যোতি দাস নামৰ ব্যক্তিজনে স্বাৱ সংগ্ৰহ কৰিব পৰা চেম্বাৰ কালেকশ্যনৰ কিছু সা সামগ্ৰী প্ৰস্তুত কৰিছে। উল্লেখযোগ্য যে তেওঁ প্ৰস্তুত কৰা সামগ্ৰীবিধেৰে অনায়াসে স্বাৱ সংগ্ৰহ কৰিব পাৰে আৰু আপোনা আপুনি ছেনিটাইজ হয়। পৰৱৰ্তী সময়ত দ্বিতীয়জন ব্যক্তিৰ স্বাৱ সংগ্ৰহ কৰিবলৈ উপযুক্ত হৈ পৰে।
 
 
 
ইতিমধ্যে মেঘালয় চৰকাৰৰ স্বাস্থ্য বিভাগে স্বাৱ সংগ্ৰহৰ এই সঁজুলিবিধ সংগ্ৰহ কৰিছে। স্বাৱ সংগ্ৰহৰ এই সঁজুলিবিধ প্ৰায় ৮০ হাজাৰ টকাত মেঘালয়ৰ স্বাস্থ্য বিভাগক প্ৰদান কৰিছে। উদ্ভাৱকজনৰ এই প্ৰচেষ্টাই স্বাস্থ্যখণ্ডলৈ অভূত বৰঙণি আগবঢ়াইছে।

Leave A Reply

Your email address will not be published.