সৰ্বকালৰ অভিলেখ ভংগ কৰিলে দিল বেচেৰাই

0 196

মৃত্যুৰ পিছতো সমানে জনপ্ৰিয় হৈ আছে অভিনেতা সুশান্ত সিং ৰাজপুত ৷ এই কথাকে প্ৰমাণ কৰি দেখুৱালে অনুৰাগীসকলে ৷সুশান্ত সিং ৰাজপুতে অভিনয় কৰা অন্তিমখন ছবি আছিল দিল বেচেৰা৷
 
 
 
 
 
কালি সন্ধিয়া অ টি টি প্লেটফৰ্মত সুশান্ত সিং ৰাজপুতে অভিনয় কৰা দিল বেচেৰা চিনেমাখন মুক্তি পোৱাৰ কেইঘণ্টামানৰ পিচতে সৰ্বকালৰ অভিলেখ ভংগ কৰে ৷ ইণ্টাৰনেট মুভী ডাটাবেছৰ তথ্য অনুসৰি দিল বেচেৰাই পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে ৷ ইতিপূৰ্বে টপ ৰেটেডৰ তালিকাত আছিল কমল হাছান আৰু আৰ মাধৱনৰ আনবে শিৱম নামৰ এখন তামিল ছবি ৷ উল্লেখযোগ্য যে টেলেণ্টেড অভিনেতা সুশান্ত সিং ৰাজপুতৰ অনুৰাগীসকলৰ এয়া এক নৈতিক সমৰ্থন বুলি বহুতে মন্তব্য কৰিছে ৷

Leave A Reply

Your email address will not be published.