১৪ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ত হৈ যোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ আন্ত:বিশ্ববিদ্যালয় কাৰাটে চেম্পিয়নশ্বিপত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১১ গৰাকী ছাত্ৰ – ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । কুমিটে শাখাত জোনমণি দাসে – ৬৮ কেজিৰ শাখাত ব্ৰঞ্জ মেডেল লাভ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী পৰ্যায়ত বেংগালোৰত হ’বলগীয়া খেলো ইন্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াতো তেওঁ অংশগ্ৰহণ কৰিব । ২০২২ বৰ্ষত বেংগালোৰৰ জৈন বিশ্ববিদ্যালয়ত হ’বলগীয়া খেলো ইন্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াত গুৱাহাটী কমাৰ্চ কলেজৰ চান্দনী জৈনয়েও নিৰ্বাচিত হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰতাপ জ্যোতি সন্দিকৈ , পঞ্জীয়ক ডক্টৰ হেমন্ত কুমাৰ নাথ, ছাত্ৰ কল্যাণ সঞ্চালক ডক্টৰ ৰঞ্জন কুমাৰ কাকতিয়ে দুয়োগৰাকী বিজেতাক অভিনন্দনৰ লগতে ভৱিষ্যত জীৱনৰ বাবে শুভকামনা জ্ঞাপন কৰে।
Trending
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান