১০ ম বাৰ্ষিক ইণ্ডিয়ান ৰেষ্টুৰেন্ট এৱাৰ্ডচ, ২০২১ ত পিয়াজ্জা ৰেষ্টুৰেন্টক ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ আঞ্চলিক স্বতন্ত্ৰ ৰেষ্টুৰেন্ট– স্মল টাউন বঁটা প্ৰদান

0 467

ইণ্ডিয়ান ৰেষ্টুৰেন্ট এৱাৰ্ডচ, ২০২১ ত গুৱাহাটীৰ পিয়াজ্জা ৰেষ্টুৰেন্টে বছৰটোৰ শ্ৰেষ্ঠ আঞ্চলিক স্বতন্ত্ৰ ৰেষ্টুৰেন্ট (স্মল টাউন)- পূবৰ খিতাপ অৰ্জন কৰে। এই শিতানটোৱে ভাৰতৰ উত্তৰ, দক্ষিণ, পূব, পশ্চিম আৰু কেন্দ্ৰীয় অঞ্চলসমূহত বছৰটোৰ সৰ্বশ্ৰেষ্ঠ স্বতন্ত্ৰ ৰেষ্টুৰেন্ট (স্মল টাউন) সমূহক ইয়াৰ সুসংগঠিত, সন্তুলিত আৰু উপযুক্ত মেনুৰ বাবে স্বীকৃতি প্ৰদান কৰিছে। ১৭ ডিচেম্বৰত নতুন দিল্লীৰ এৰ’চিটিৰ পুলমেনত অনুষ্ঠিত ১০ ম বাৰ্ষিক ভাৰতীয় ৰেষ্টুৰেন্ট কংগ্ৰেছ এৱাৰ্ডচত বাৰ্গাৰ কিং, ভাৰতৰ মুখ্য কাৰ্য্যবাহী বিষয়া ৰাজীৱ বৰ্মন আৰু ফ্ৰেঞ্চাইজি ইণ্ডিয়াৰ এডিটৰ আৰু মুখ্য কাৰ্য্যবাহী বিষয়া ৰিতু মাৰিয়াই বিনয় চামৰিয়াক এই বঁটা প্ৰদান কৰে। বঁটাটি গ্ৰহণ কৰি, বহুতো বঁটা বিজয়ী পিয়াজ্জা ৰেষ্টুৰেন্টৰ প্ৰম’টাৰ বিনয় চামৰিয়াই কয়, “এই বঁটা আমাৰ পৰিয়াল- আমাৰ গ্ৰাহক আৰু ষ্টাফৰ বাবে যিয়ে এই উদ্যোগটোৱে সন্মুখীন হোৱা আটাইতকৈ বেয়া সময়ত আমাৰ ওপৰত বিশ্বাস ৰাখিছিল। এই বঁটা হৈছে উন্নত ভোজনৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ আমাৰ মনোবল বৃদ্ধিৰ উদ্দীপনা।” ৰেষ্টুৰেন্ট এৱাৰ্ডচ হৈছে এটি ৰাষ্ট্ৰীয় বঁটা যাৰ প্ৰধান লক্ষ্য হৈছে এই সমৃদ্ধ উদ্যোগৰ অংশ হোৱা উদ্যোগ বিশেষজ্ঞসকলৰ ভিন্ন প্ৰেক্ষাপটৰ বাবে স্বীকৃতি প্ৰদান কৰা। ফ্ৰেঞ্চাইজি ইণ্ডিয়াই যোৱা কেইবছৰমান ধৰি এই কাৰ্য্যসূচীৰ আয়োজন কৰি আহিছে আৰু ইয়াৰ আৰম্ভণিৰেপৰা ১ লাখৰোধিক ৰেষ্টুৰেন্টে অংশগ্ৰহণ কৰিছে।

Leave A Reply

Your email address will not be published.