১৮ জুলাইৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল আৰম্ভ হ’ব

0 255

সমগ্ৰ দেশজুৰি ক’ভিড১৯ৰ কাৰণে যোৱা ২৫মাৰ্চৰ পৰা বন্ধ হৈ আছিল সকলোধৰণৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা।২৫মাৰ্চৰ পৰা সমগ্ৰ দেশজুৰি আৰম্ভ হৈছিল দেশীয় বিমানসেৱা।
 
 
 
 
এইখিনি সময়তে আছে এক সুখবৰ। কালিলৈ পৰা পুনৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল আৰম্ভ হ’ব। প্ৰথম পৰ্যায়ত এক সীমিত সংখ্যক বিমানৰ চলাচলত অনুমতি প্ৰদানৰ বিপৰীতে পিছলৈ পৰ্যায়ক্ৰমে বিমান চলাচলৰ সংখ্যা বৃদ্ধি পাব বুলি জানিব পৰা গৈছে।
 
 
 
প্ৰথম পৰ্যায়ত  সৰ্বমুঠ ৪৬খন আন্তঃৰাষ্ট্ৰীয় বিমানৰ ভাৰত, মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ফ্ৰান্সৰ মাজত চলাচল আৰম্ভ হ’ব। অহা ১৮জুলাইৰ পৰা ১আগষ্টলৈকে ভাৰতৰ দিল্লী, মুম্বাই আৰু বাংগালোৰৰ লগতে পেৰিছৰ  পৰা ২৮ খনকৈ বিমানৰ চলাচল আৰম্ভ হ’ব। উল্লেখযোগ্য যে দিল্লীৰ পৰা ছানফ্ৰান্সিছকো আৰু নিউয়ৰ্কৰ মাজত সৰ্বমুঠ ১৮খন বিমানৰ চলাচল আৰম্ভ হ’ব। স্মৰ্তব্য যে ভাৰতৰ পৰা এই দুখন দেশলৈকে এয়াৰ ইণ্ডিয়াৰ বিমান চলাচল আৰম্ভ হ’ব।

Leave A Reply

Your email address will not be published.