২০২২ বৰ্ষত ১৭হাজাৰ অধিক পৰ্যটকে কাজিৰঙা দৰ্শন কৰিলে

0 147

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিত পৰ্যটনবৰ্ষ সমাপ্ত হয়৷ ২০২২-২৩ পৰ্যটনবৰ্ষত কাজিৰঙা দৰ্শন কৰিলে প্ৰায় তিনি লাখ ১৭ হাজাৰ ৬৩৮ গৰাকী দেশী-বিদেশী পৰ্যটকে৷এক সংবাদমেল যোগে এই তথ্য সদৰি কৰে উদ্যান খনৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই ৷ লগতে কয় উদ্যানলৈ আগমন হোৱা পৰ্যটকৰ ভিতৰত ভাৰতীয়ৰ সংখ্যা তিনি লাখ ছয় হেজাৰ ৮৭০ গৰাকী আৰু বিদেশী পৰ্যটকৰ সংখ্যা ১০ হাজাৰ ৭৬৮ গৰাকী ৷

আনহাতে পৰ্যটন বৰ্ষটোত সংগৃহীত ৰাজহৰ পৰিমান আছিল ৭কোটি ৫৪ লাখ ১৫ হেজাৰ ২৯৯ টকা ৷ উল্লেখ্য যে ২০২১-২২ পৰ্যটন বৰ্ষত পৰ্যটকৰ সংখ্যা আছিল প্ৰায় দুই লাখ ৪৮ হাজাৰ ৩৮৯ গৰাকী৷ উল্লিখিত বৰ্ষত ৰাজহ সংগ্ৰহ হৈছিল পাঁচ কোটি ৩৬ লাখ ৩৫ হেজাৰ ৬৯০ টকা৷সঞ্চালক শৰ্মাই উল্লেখ কৰে যে, যোৱা বছৰৰ পৰ্যটন বৰ্ষতকৈ এইবৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যা নহেজাৰ বৃদ্ধি হয় ৷

Leave A Reply

Your email address will not be published.