৩০ জানুৱাৰীৰ পৰা ৭৩ সংখ্যক দ্বি বাৰ্ষিক পালনামৰ প্ৰস্তুতি

0 451

ঢকুৱাখনাৰ আধ্যাত্মিক ক্ষেত্ৰখনৰ অন্যতম আধাৰ, ১৮৩০ চনতে প্ৰাণ প্ৰতিষ্ঠা হোৱা পশ্চিম ঢকুৱাখনাৰ মাজ জালভাৰী চৈধ্য প্ৰসংগীয়া মহাপুৰুষীয়া নামঘৰে অৰ্ধশতিকাৰো অধিক কাল জগত গুৰু জনাৰ মাৰ্গ দৰ্শন আৰু কৃষ্টি সৃষ্টিৰাজিৰ প্রচাৰ প্ৰসাৰত আত্মনিয়োগ কৰি আহিছে। ১৯৪১ চনৰে পৰা নিৰবধি মাজ জালভাৰী গাঁওৰ ভক্ত প্ৰাণ ৰাইজৰ অকুণ্ঠ সহযোগিতাত গুৰু জনাৰ ভক্তি বন্দনা আৰু শ্ৰৱণ কীৰ্তন কৰি অহা মাজ জালভাৰী গাঁওৰ ভক্ত প্ৰাণ ৰাইজে  মাজ জালভাৰী চৈধ্য প্ৰসংগীয়া নামঘৰত বিগত ৭২ টা বছৰে অনুষ্ঠিত কৰি আহিছে দ্বিবাৰ্ষিক অখণ্ড পাল নাম মহোৎসৱৰ। পৰম্পৰাগত ভাবে উদযাপিত হৈ অহা এই পাল নাম মহোৎসৱৰ ৭৩ সংখ্যক পাল নাম অহা ৩০, ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰাৰ মানসেৰে গাঁওখনৰ ভক্ত বৈষ্ণৱ সকলে ধৰ্ম প্ৰাণ ব্যক্তি প্ৰভাত কলিতাক সভাপতি ,পুনাৰাম কোচক উপ সভাপতি ,ৰাজেন দত্তক সম্পাদক আৰু মুকুন্দ বৰুৱাক সহকাৰী সম্পাদক হিচাপে লৈ এখন পালনাম উদযাপন সমিতি গঠন কৰি দিছে । গাঁও উন্নয়ন সমিতিৰ সভাপতি ভবেন কলিতা আৰু উপ সভাপতি জ্ঞান ৰঞ্জন শইকীয়াই জনোৱা মতে প্ৰথম দিনৰ দিন জোৰা বিভিন্ন  ধৰ্মীয় কাৰ্যসূচীত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ ডেকা সত্ৰাধিকাৰ ভোগেন্দ্ৰ দেৱ গোস্বামী , শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে অংশগ্ৰহণ কৰিব আৰু সন্ধিয়ালৈ উজনি জালভাৰী সাংস্কৃতিক গোষ্ঠীৰ শিশু শিল্পী সকলৰ অভিনীত ” বিপ্ৰ পুত্ৰ আনয়ন” আৰু মাজুলীৰ সাৰংগ পানী নাট্য গোষ্ঠী শিল্পী সকলৰ অভিনীত পৰশুৰামৰ পিতৃ ভক্তি ভাওনা মঞ্চস্থ কৰিব। দ্বিতীয় দিনা বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ মাজতে পালনামৰ মুখপত্ৰ  “নামদ্বীপ” উন্মোচন কৰিব অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী পুষ্পা গগৈয়ে । ইয়াৰ পাছতে” নামঘৰ প্ৰাংগণত “সাম্প্রতিক প্ৰেক্ষাপটত আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰ প্ৰাসংগিকতা” শীৰ্ষক এক মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হ’ব । যোৰহাটৰ দক্ষিণ পাট আশ্ৰমী সত্ৰৰ ডেকা সত্ৰাধিকাৰ জগন্নাথ দেৱ গোস্বামীয়ে বক্তা হিচাপে অংশগ্ৰহণ কৰিব লগা এই আলোচনাচক্ৰৰ পাছত নাম প্ৰসংগ, দিহা নাম আদি অবিৰত ভাবে অনুষ্ঠিত হব। সন্ধিয়ালৈ মাজুলীৰ শংকৰ মাধৱ নাট্য গোষ্ঠী আৰু যোৰহাটৰ সন্মিলিত শিল্পী সমাজৰ সুদক্ষ অভিনেতা সকলৰ অভিনীত “কুৰ্ম অৱতাৰ” ভাওনাৰ মঞ্চস্থ কৰাৰ পাছত  টীয়কৰ মৰি জাঁজীৰ মণিকূট নাট্যগোষ্ঠীৰ অভিনীত শ্ৰী শ্ৰী ৰাম পৰাজয় ,সীতাৰ পাতাল গমন” ভাওনা প্রদর্শন কৰা হব নামঘৰ প্ৰাংগণত। পালনামৰ অন্তিম দিনা ১ ফেব্ৰুৱাৰীত পুৱা আই নামৰ পাছতে বৰ্ণিল শোভাযাত্ৰা উদ্বোধন কৰিব উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ ধৰ্মপ্ৰাণ ব্যক্তি তোলেন চুতীয়াই। ইয়াৰ খোল প্ৰসংগ আৰু পৰৱৰ্তী পৰ্যায়ত পাল নামৰ সামৰণি মাৰি সন্ধিয়ালৈ মাজ জালভাৰী গাঁও যুৱ সমাজৰ অভিনীত ” কৈকশী নদনৰ লংকা লাভ,পুষ্পক হৰণ” ভাওনা মঞ্চস্থ হ’ব। গাঁও উন্নয়ন সমিতিৰ উপ সভাপতি জ্ঞান ৰঞ্জন শইকীয়াই পাল নাম মহোৎসৱৰ দিনৰ সমূহ আধ্যাত্মিক কাৰ্য্যসূচীত ধৰ্মপ্ৰাণ ৰাইজৰ অংশগ্ৰহণ,উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।
বাতৰি যুগুতালে অমৃত পৱন বৰাই

Leave A Reply

Your email address will not be published.