৬ গৰাকী শিক্ষাৰ্থীয়ে আপুনি আমি কৰিব নোৱাৰা কাম কৰি দেখুৱালে

0 316

যি সময়ত যুৱ প্ৰজন্ম বিপথে পৰিচালিত হৈছে বুলি অভিযোগ উত্থাপিত হয় সেইসময়তে টিয়কৰ বনাইৰ চপানী গাঁওত ছয় গৰাকী কলেজীয়া ছাত্ৰীয়ে উদ্যোগ লৈ বিহু পতা কাৰ্যই সকলোৰে মাজত চৰ্চা হৈছে। ঐতিহ্য বহনকাৰী চপানী গাঁও সংস্কৃতি আৰু সাহিত্যৰ দিশত বিশেষভাৱে আগবঢ়া। শিশু- ছাত্ৰ ছাত্ৰীয়ে প্ৰতিভা বিকাশ কৰিব পৰাকৈ সময়ে সময়ে এখন মঞ্চৰ অভাৱ অনুভৱ কৰিছিল। সেয়েহে যোৱা বৰ্ষৰ পৰাই গাঁওবাসীক একত্ৰিত কৰি স্থানীয় প্ৰতিভাক মান্যতা দিয়াৰ উদ্দেশ্যেৰে অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা বিহুকে কলেজীয়া ছয় গৰাকী ছাত্ৰীয়ে নেতৃত্ব লৈ গাঁওবাসীৰ পূৰ্ণ সহযোগিতাত বিহু পাতিবলৈ মনস্থ কৰিলে। এইবাৰো যোৱা বৰ্ষৰ দৰে যোৱা ২১ এপ্ৰিলত বনাই টিং চাপৰি ফিল্ডৰ বৰগছৰ তলত পূজা ভট্ট,জোনালী দেৱী ৰিংকুমণি ভট্ট,মুনমী ভট্ট, গাৰ্গী শইকীয়া, প্ৰীতি ভট্টই গঢ় দিয়া অৰ্দ্ধআকাশ এনাজৰী মঞ্চৰ উদ্যোগত বিহু উদযাপন হয় । ছাত্ৰ ছাত্ৰীৰ মাজত পৰম্পৰাগত অসমীয়া সাজ পাৰ প্ৰতিযোগিতা আয়োজন কৰি জাতীয় কৃষ্টি সংস্কৃতিৰ প্ৰতি সজাগ কৰাৰ প্ৰয়াস কৰে । এই অনুষ্ঠান পৰিচালনাত সহায় কৰে প্ৰফুল্ল শৰ্মাই । ইয়াৰ উপৰিও আন বহু কাৰ্যসূচীৰ লগতে আমন্ত্ৰিত বিহু হুচৰি দলে বিহু প্ৰদৰ্শন কৰে ।এই অনুষ্ঠানত চপানী গাঁওৰ লগতে ওচৰ চুবুৰীয়া অঞ্চলৰ লোকেও ভিৰ কৰে । বনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দিলীপ বৰা, পৰাগ শইকীয়া , বোধেশ্বৰ বৰুৱা, ববী দত্ত ,জ্ঞানপীঠ একাডেমিৰ মুকুল বৰা উপস্থিত থাকে। অঞ্চলবাসীয়ে ছাত্ৰী কেইগৰাকীৰ এই প্ৰয়াসক শলাগ লয়।সহযোগ কৰিলে জ্যোতি প্ৰসাদ গগৈয়ে .. 

Leave A Reply

Your email address will not be published.