ৰঙিয়াত জনজাতীয় ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ অনুষ্ঠান

0 145

কামৰূপ জিলাৰ ৰঙিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত বীৰদত্ত উচ্চ মাধ্যমিক বিদ্যালয়ত আজি সমগ্ৰ শিক্ষা কামৰূপৰ উদ্যোগত পিছপৰা জনজাতীয় শিশু সকলৰ সৰ্বাংগীন বিকাশৰ প্ৰয়াস শীৰ্ষক এক বিশেষ অনুষ্ঠান সম্পন্ন হয়। অনুষ্ঠানটো উদ্বোধন কৰি বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই কয় যে জনজাতীয় সকলৰ এক চহকী সাংস্কৃতিক ঐতিহ্য আছে।জনজাতীয় সকলৰ সাংস্কৃতিক পৰম্পৰা সৰ্বত্ৰ আদৰণীয়।সেইসমূহৰ বিকাশৰ সুযোগ জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলে এনে অনুষ্ঠানৰ জৰিয়তে লাভ কৰিব পাৰে। তেওঁ সমগ্ৰ শিক্ষা কামৰূপৰ এনে প্ৰয়াসৰ শলাগ লয়।তেওঁ জনজাতীয় ছাত্ৰ-ছাত্ৰী সকলৰ বাবে চৰকাৰে আগবঢ়োৱা সা-সুবিধাসমূহ যাতে ছাত্ৰ ছাত্ৰীসকলে পাব পাৰে সেই ক্ষেত্ৰত সহায়তা প্ৰদান কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায়। সভাত ভাষণ দি কামৰূপৰ জিলা আঁচনি বিষয়া ছুইটী বেজবৰুৱাই ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয় পৰ্যায়তেই পঠন,লিখনৰ ভেটি শক্তিশালী হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কামৰূপৰ জিলা আঁচনি বিষয়া ফুলপাহি নাথে বিদ্যালয়বোৰত শনিবৰীয়া সংঘ স্থাপন কৰি তালৈ স্থানীয় সমল ব্যক্তিক আমন্ত্ৰণ জনাই ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ক্ষেত্ৰৰ জ্ঞান প্ৰদানৰ ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।বীৰদত্ত উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বাসৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। অনুষ্ঠানত সমাজকৰ্মী মদন বসুমতাৰীয়েও ভাগ লয়। ইয়াৰ আগতে পুৱা পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক বাসৱ শৰ্মাই। বৃক্ষৰোপণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক চন্দ্ৰধৰ ডেকাই। সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে তিতকুৰিৰ গাঁও প্ৰধান হেমেন ডেকাই। অনুষ্ঠান উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। সামৰণিত বিজয়ী ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰ দিয়া হয়।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.