ৰঙিয়াত অখিল ভাৰতীয় মাৰোৱাড়ী মহিলা সন্মিলনৰ উদ্যোগত ‘Best out of the waste’ শীৰ্ষক প্ৰতিযোগিতা অনুষ্ঠিত

0 255


ৰঙিয়াৰ অন্যতম আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনে সমাজৰ উন্নয়নৰ লগতে ছাত্ৰ- ছাত্ৰী সকলৰ সৃষ্টিমূলক প্ৰতিভা বিকাশৰ কল্পে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। সংস্থাটোৰ উদ্যোগত আজি ৰঙিয়াৰ মুৰাৰা বালিকা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত এটি ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰা হয়। সংস্থাই বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰী সকলৰ মাজত ‘Best out of the waste’ নামৰ প্ৰতিযোগিতাৰ আয়োজন কৰি বিজয়ী সকলক বটাসহ মানপত্ৰ প্ৰদান কৰে। বিধ্যালয়ৰ অধ্যক্ষ অজান বৈশ্যই উদ্বোধন কৰা এই প্রতিযোগিতাত অংশ গ্ৰহণ কৰি বিদ্যালয়ৰ প্ৰায় ডেৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰতিভাৰে কাগজ তথা আন পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি বিভিন্ন বস্তু তৈযাৰ কৰে । কার্যসূচীত ৰঙিয়া কিডজি বিদ্যালয়ৰ উপাধ্যক্ষ গৰাকীয়ে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী সকলক good touch আৰু bad touchৰ সন্দৰ্ভত অৱগত কৰে । ইফালে কার্যসূচীত সংস্থাটোৱে বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলক গছৰ পুলি প্ৰদানেৰে সম্বৰ্ধনা জনায়।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.