ৰঙিয়াত মাৰোবাড়ী যুৱ মঞ্চৰ উদ্যোগত ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বৰ্ণিল কাৰ্যসূচী ৰূপায়ন

0 256

স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে দেশজুৰি উলহ-মালহেৰে ৰূপায়ণ কৰা হৈছে ব্যাপক কাৰ্যসূচী ।সমান্তৰালভাবে ৰঙিয়াতো বিভিন্ন দল সংগঠনৰ উদ্যোগত উদযাপন কৰা হৈছে ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী ।ৰঙিয়া নগৰৰ মাৰোবাড়ী যুৱ মঞ্চৰ উদ্যোগতো ৰাধা কৃষ্ণ মন্দিৰ প্ৰাংগণত ৰূপায়ণ কৰা হৈছে ব্যাপক কাৰ্যসূচী।তদুপলক্ষে পুৱাৰ ভাগত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰো অনুষ্ঠিত কৰা হয়। অনুষ্ঠানতমুখ্য অতিথি হিচাবে উপস্থিত থাকে সশস্ত্ৰ সীমা বলৰ উপ-মহানিৰীক্ষক জগদীপ পাল সিং।সংগঠনটোৰ যুৱ কৰ্মকৰ্তা সকলে আয়োজন কৰা সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰি আপ্লুত হয় জ্যেষ্ঠ বিষয়াগৰাকীয়ে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.