ৰঙিয়াৰ পৰা অপহৃত কণমানি ৰিম্পি দাসক হাউলীত উদ্ধাৰ কৰে ৰঙিয়া আৰক্ষীয়ে

0 165

ৰঙিয়াৰ পৰা বুধবাৰে অপহৰণ হোৱা ৯ বছৰীয়া কণমানি ৰিম্পী দাসক আজি ৰঙিয়া আৰক্ষীয়ে বৰপেটাৰ হাউলীৰ পৰা সফলতাৰে উদ্ধাৰ কৰে। তথ্য অনুসৰি আজি ৰঙিয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত ৰঙিয়া আৰক্ষীয়ে হাউলী আৰক্ষীৰ সহযোগত বিশেষ তৎপৰতাৰে অভিযান চলাই আৰু ৰিম্পী দাসক হাউলীৰ কালিবাৰী ৰোডৰ পৰা উদ্ধাৰ কৰে। লগতে আৰক্ষীয়ে অভিযুক্ত অপহৰণকাৰী মহিলা মামনি দাস ওৰফে মামনি বেগমক আটক কৰিবলৈ সক্ষম হয় ৷ অভিযোগ অনুসৰি, কেৱল ৰঙিয়াৰ অপহৰণ ঘটনাই নহয়, অভিযুক্ত মামনি দাস পূৰ্বেও শিশু অপহৰণৰ সৈতে জড়িত আছিল ৷ কণমানিটিক আবদ্ধ কৰি ৫ লাখ টকা দাবী কৰিছিল মহিলাগৰাকীয়ে কনমানিৰ পৰিয়ালক। কিন্তু ৰঙিয়া আৰক্ষীৰ ৱিশেষ তৎপৰতাত ২৪ ঘণ্টা নহওতেই কনমানিটিক ঘূৰাই পালে পৰিয়ালে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.