গহপুৰৰ ৰমানন্দ ক্ষেত্ৰ উখল- মাখল। কাৰণ আজিৰে পৰা চাৰিদিনীয়া কাৰ্য্যসুচীৰে আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৬ সংখ্যক বাৰ্ষিক অধিবেশন। উল্লেখযোগ্য যে এই আধিবেশনৰ লগত সংগতি ৰাখি গ্ৰন্থমেলা, বিভিন্ন ধৰ্মীয় আলোচনাচক্ৰ, স্মৃতি গ্ৰন্থ উন্মোচন, বৃক্ষ ৰোপণ অন্তৰংগ আলাপ আদিবোৰ অনুষ্ঠিত হ’ব। এই অধিবেশনতে নতুন কাৰ্য্যনিবাহক কমিটি গঠন হোৱাৰ লগতে শিশু সকলৰ আমোদৰ বাবে বিভিন ধৰণৰ হস্ত নিৰ্মিত জন্তু প্ৰদৰ্শন ব্যৱস্থা কৰিছে। ইতিমধ্যে অসমৰ লগতে উত্তৰপুবৰ আৰু বাহিৰৰ প্ৰায় ২ লাখ ভক্ত সমাগম হৈছে। ভক্ত সকলক আদৰিবৰ বাবে স্থানীয় মহিলা সকলৰ লগতে সকলো ব্যস্ত হৈ পৰা দেখা গৈছে। স্মতৰ্ব্য যে প্ৰায় ২০ লাখ ভক্ত সমাগম হ’ব বুলি আয়োজকে আশা প্ৰকাশ কৰিছে। প্ৰায় ৪ ফুট উচ্চতা শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তিয়ে সকলোকে আকৰ্ষণ কৰিছে। অধিবেশনত ধৰ্মধ্বজা উত্তোলন হ’ব অধিবেশনৰ তৃতীয় দিনা।
Trending
- ডিব্ৰুগড় চহৰত অম্ৰুটৰ অধীনত নিৰ্মীয়মান পানী যোগান প্ৰকল্পসমূহ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ
- জামুগুৰিহাটৰ নাহৰবাৰীত দূস্প্ৰাপ্য ঈগল চৰাই উদ্ধাৰ
- কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অসম ৰাজ্যিক কংগ্ৰেছ দলৰ তিনি যুৱক-৪০৮০ কিলোমিটাৰ যাত্ৰাৰ অন্তত শ্ৰীনগৰ লালচকত সামৰণী
- ঢকুৱাখনাত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস পালন
- পথৰুঘাটৰ কৃষকৰ আত্মত্যাগৰ ইতিহাসক দেশ-বিদেশত প্রচাৰ উদ্দেশ্যে তথ্য চিত্ৰ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে
- অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকৰ নাম ঘোষণা
- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ বিংশতিতম বাৰ্ষিক অধিবেশন আৰম্ভ
- খানামুখত মিনি ফুটবল প্ৰতিযোগিতা আৰম্ভ
- তিনিচুকীয়াৰ জিলা প্ৰশাসনৰ সৈতে অইল ইণ্ডিয়াৰ গ্ৰামোন্নয়ন চুক্তি
- গুৱাহাটী মহানগৰীৰ উন্নয়ন সন্দৰ্ভত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ
2 Comments
Leave A Reply
Cancel Reply
জয় গুৰু শংকৰ
জয় গুৰু শংকৰ
জয় গুৰু শংকৰ
মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ ৮৬তম বাৰ্ষিক অধিৱেশনৰ সমূহ ভক্ত প্ৰাণ ৰাইজকে শুভেচ্ছা জ্ঞাপণ কৰিলোঁ।
জয় গুৰু শংকৰ