অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কালি জনতা ভৱনৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য খনৰ ৬১২৪ গৰাকী নামঘৰীয়া আৰু ২৪৩৮ গৰাকী পুৰোহিতলৈ ১০ হাজাৰ টকাকৈ এককালীন আৰ্থিক সাহাৰ্য্য আগবঢ়ায়।উল্লেখ্য যে ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ ফলত আৰ্থিক সংকটৰ সন্মুখীন হোৱা পুৰোহিত আৰু নামঘৰীয়া সকলৰ আৰ্থিক সকাহ দিয়াৰ বাবে চৰকাৰে বিশেষ অনুদানৰ এই ব্যৱস্থা গ্ৰহণ কৰিছে।এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা বছৰ ক’ভিডৰ সময়ত বিধবা হোৱা মহিলা,গাড়ীচালক,হেণ্ডিমেন,মাউৰা বা ঘাটমাউৰা হোৱা শিশু আদিক ৰাজ্য চৰকাৰে যি আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিছিল তাৰ জৰিয়তে বহু ব্যক্তি উপকৃত হৈছিল।আজিৰ এই অনুষ্ঠানৰ জৰিয়তে পূৰ্বে ঘোষণা কৰা অনুযায়ী পুৰোহিত আৰু নামঘৰীয়া সকলৰ একাউণ্টত বেংক ট্ৰেন্সফাৰৰ জৰিয়তে আৰ্থিক অনুদান প্ৰদান কৰা হৈছে বুলি কয়।অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে নাম আৰু কীৰ্ত্তন অসমীয়া সাংস্কৃতিৰ অবিচ্ছেদ্য অংগ।গণতান্ত্ৰিক সামাজিক প্রতিষ্ঠান নামঘৰতে অসমৰ জাতি জনগোষ্ঠীৰ সামাজিক একাধিকৰণ আৰম্ভ হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নামঘৰ আৰু মন্দিৰ সমূহে অসমীয়া সংস্কৃতি আৰু স্থাপত্যৰ বিশেষভাৱে দাঙি ধৰে।লগতে কয় যে অসমৰ আধ্যাত্মিক জীৱনধাৰা শক্তিশালীকৰণৰ দিশত পুৰোহিত আৰু নামঘৰীয়া সকলে যি বৰঙণি যোগাই আহিছে তাৰ জৰিয়তে সনাতন ধৰ্মই এক বিশেষ মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে।তেওঁ কয় যে ধৰ্ম বুলি ক’লে সকলো সমান।কিন্তু কোনো ধৰ্মই যদি আমাৰ সংস্কৃতিকো প্ৰতিনিধিত্ব কৰে, তেতিয়াহ’লে তাৰ সংজ্ঞা নিশ্চিতভাৱে বেলেগ হ’ব।এয়া হ’ল এটা ধৰ্ম নিৰপেক্ষ সংজ্ঞা।মন্দিৰ আৰু নামঘৰ আমাক আধ্যাত্মিক প্ৰশান্তি প্ৰদান কৰে যদিও ই আমাৰ সংস্কৃতিৰ পৰিচয়।মন্দিৰত পূজা বা উপাসনাৰ ধৰ্মীয় পৰম্পৰা জড়িত হৈ আছে যদিও ইয়াৰ সৈতে বহুতো আনুসংগিক ব্যৱস্থা আছে।যি আমাৰ সংস্কৃতি।যেনেকৈ দুৰ্গা পূজাত আমি কৰো কিন্ত পূজাৰ লগত যি ওজাপালি হয়,সি আমাৰ সংস্কৃতি।পূজাৰ লগত গায়ন-বায়ন,আৰতি কৰা পৰম্পৰা হ’ল সংস্কৃতি।তেওঁ কয় যে আমাৰ পুৰণি মন্দিৰ সমূহ স্থাপত্যৰ উৎকৃষ্ট নিৰ্দশন।কামাখ্যা মন্দিৰ,শিৱদৌলে সেই সময়ত অসমৰ স্থাপত্যৰ কলাক প্ৰতিনিধিত্ব কৰে।শোণিতপুৰ মহাভৈৰৱ মন্দিৰে প্ৰাগঐতিহাসিক কালত আমাৰ স্থাপত্য কলা তথা সংস্কৃতি কিধৰণে আছিল সেয়া প্ৰতিনিধিত্ব কৰে।আবহমান কালৰ পৰা আমাৰ যি সংস্কৃতি তাকো পুৰোহিত সকলে জীয়াই ৰাখিছে।তেওঁ কয় যে বিবাহ প্ৰথাৰ সৈতে যেনেদৰে ধৰ্মীয় ৰীতি নীতি জড়িত হৈ থাকে তেনেদৰে বিয়ানামত আমাৰ সংস্কৃতিৰ প্ৰবাহমান ধাৰাটো জড়িত হৈ থাকে।মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে দৰ্শন আঁচনিৰ জৰিয়তে পুৰণি মন্দিৰ সমূহৰ সংৰক্ষিত কৰাৰ বাবে যি ব্যাপক প্ৰচেষ্টা হাতত লৈছে তাৰ জৰিয়তে নামঘৰ,মন্দিৰ সমূহ ঠন ধৰি উঠিছে।লগতে কয় যে অহা বৰ্ষ ১ জানুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সাংস্কৃতিক বিভাগৰ তৰফৰ পৰা যশস্বী শিল্পী তথা পদ্মশ্ৰী প্ৰয়াত প্ৰতিমা পাণ্ডে বৰুৱা বাসভৱনটি এটি সংগ্ৰাহলয় হিচাপে স্থাপন কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰিছে।অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব লয়া মাদ্দুৰীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই ভাষণ প্ৰদান কৰে।অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস,ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী যোগেন মহন,বিধায়ক পৰমানন্দ ৰাজবংশী,বিদ্যাসিং ইংলেং আদিকে ধৰি কেইবাগৰাকীও বিধায়ক প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।
Trending
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ