ভাৰতীয় জনতা পার্টিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত আজি এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত হোৱা অনুষ্ঠানত মৰিয়নি পৌৰ সভাৰ অধ্যক্ষ বিশ্বপ্ৰভা শইকীয়া, উপাধ্যক্ষ প্ৰদীপ দাসসহ সদস্য সকল,অসম চাহ মজদুৰ সংঘৰ যোৰহাট জিলাৰ সভাপতি তথা শ্ৰমিক নেতা বিলাতী তাঁতী, সাধাৰণ সম্পাদক নিলেশ গৌড়ৰ লগতে কেইবাজনো সমাজ সেৱকে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে। ৰাজ্যিক সভাপতি ভৱেশ কলিতাই নবাগত সকলক দলৰ মজিয়ালৈ আদৰণি জনাই কয়, বিজেপিয়ে সমাজলৈ উন্নয়ন আৰু প্ৰগতিৰ বাৰ্তা কঢ়িয়াই আনিছে। সেয়ে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি জনসাধাৰণে অকুণ্ঠ সমৰ্থন আগবঢ়াইছে। আজি যোগদান কাৰ্যসূচীয়ে অনাগত দিনত চাহ জনগোষ্ঠী অধ্যুষিত এলেকাত ধনাত্মক প্ৰভাৱ পেলাব বুলি শ্ৰী কলিতাই লগতে বক্তব্য প্ৰদান কৰে। ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, সাধাৰণ সম্পাদক তথা সাংসদ পল্লব লোচন দাস, ৰাজ্যিক উপ সভাপতি তথা সাংসদ তপন গগৈ, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আজিৰ যোগদান অনুষ্ঠানত উপস্থিত আছিল।
Trending
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index