ভাৰতীয় জনতা পার্টিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত আজি এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত হোৱা অনুষ্ঠানত মৰিয়নি পৌৰ সভাৰ অধ্যক্ষ বিশ্বপ্ৰভা শইকীয়া, উপাধ্যক্ষ প্ৰদীপ দাসসহ সদস্য সকল,অসম চাহ মজদুৰ সংঘৰ যোৰহাট জিলাৰ সভাপতি তথা শ্ৰমিক নেতা বিলাতী তাঁতী, সাধাৰণ সম্পাদক নিলেশ গৌড়ৰ লগতে কেইবাজনো সমাজ সেৱকে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে। ৰাজ্যিক সভাপতি ভৱেশ কলিতাই নবাগত সকলক দলৰ মজিয়ালৈ আদৰণি জনাই কয়, বিজেপিয়ে সমাজলৈ উন্নয়ন আৰু প্ৰগতিৰ বাৰ্তা কঢ়িয়াই আনিছে। সেয়ে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি জনসাধাৰণে অকুণ্ঠ সমৰ্থন আগবঢ়াইছে। আজি যোগদান কাৰ্যসূচীয়ে অনাগত দিনত চাহ জনগোষ্ঠী অধ্যুষিত এলেকাত ধনাত্মক প্ৰভাৱ পেলাব বুলি শ্ৰী কলিতাই লগতে বক্তব্য প্ৰদান কৰে। ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, সাধাৰণ সম্পাদক তথা সাংসদ পল্লব লোচন দাস, ৰাজ্যিক উপ সভাপতি তথা সাংসদ তপন গগৈ, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আজিৰ যোগদান অনুষ্ঠানত উপস্থিত আছিল।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন