ৰাজ্যৰ কলা-সংস্কৃতি,পৰম্পৰাৰ ওপৰত সমীক্ষা চলোৱাৰ বাবে চৰকাৰৰ নেচনেল মিছন অৱ কালচাৰেল মেপিং

0 179

অসম বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমিৰ সমাহাৰ।অতীজৰে পৰাই বিভিন্ন জাতি-জনগোষ্ঠীয়ে সম্প্ৰীতিৰ মাজেৰে এই ভূমিত বসবাস কৰি আহিছে। এই পুণ্য ভূমিত বৈচিত্রময় কলা-কৃষ্টি-সংস্কৃতিৰে,ঐক্যতাৰে বসবাস কৰা প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজস্ব ভাষা, কৃষ্টি-সংস্কৃতি বৈশিষ্ট্যপূৰ্ণ।এই কথা সাৰোগত কৰিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে নেচনেল মিছন অৱ কালচাৰেল মেপিং নামেৰে ৰাজ্যৰ বিভিন্ন পৰম্পৰাগত সংস্কৃতিক পাৰ্শ্বচিত্ৰ ,সাজ-পোছাক, খাদ্য ,গহণা, শিল্প,কলা-সংস্কৃতি,ধৰ্মীয়,বিশ্বাস, ঐতিহ্য ক্ষেত্ৰ, উৎসৱ মেলা, খ্যাতনামা ব্যক্তিত্ব,শিল্পীকে ধৰি বিভিন্ন সমলসমুহৰ ওপৰত সমীক্ষা চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

আজি সৰুসজাই ষ্টেডিয়ামত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ সৈতে কালছাৰেল মেপিঙৰ সন্দৰ্ভত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াই বিভাগীয় উচ্চ পদস্থ বিশদভাৱে আলোচনা কৰে।অসমৰ জাতি জনগোষ্ঠীৰ উপযুক্ত সম্পদ তথা সমল সমূহৰ অন্তৰ্ভুক্তিৰে মানচিত্ৰ প্ৰস্তুত কৰাটো নিশ্চিত কৰিবলৈ বিষয়া সকলক নিৰ্দেশ দিয়ে।সভাত অসমৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু পৰিবৰ্দ্ধন, সাংস্কৃতিক পৰ্যটনৰ বিকাশ,এই প্ৰক্ৰিয়াত চৰকাৰী নীতি আৰু পৰিকল্পনাই কেনেধৰণে সহায় কৰিব পাৰে তাৰ ওপৰতো আলোকপাত কৰা হয়।

ইয়াৰ সমান্তৰালকৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত বৰ্তমান চলি থকা নিৰ্মাণ প্ৰকল্প সমূহৰ ওপৰতো সাংস্কৃতিক মন্ত্রী বড়াই পৰ্যালোচনা কৰে। বিষয়া সকলক চলি থকা কাম সমূহ খৰতকীয়া কৰাৰ বাবে নিৰ্দেশ দিয়াৰ লগতে ভবিষ্যতে গ্ৰহণ কৰা পৰিকল্পনা সমূহৰ জৰিয়তে যাতে ৰাজ্যৰ নৃগোষ্ঠীয় বৈচিত্র্যময় সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰা সঠিক ৰূপে প্ৰতিফলিত হয় তাৰ ওপৰত দৃষ্টি ৰাখিবলৈও মন্ত্রী বড়াই বিষয়া সকলক কয়।
এই আলোচনা কালত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী,বিশেষ সচিব অশোক বৰ্মন, সঞ্চালিকা মীনাক্ষি দাস নাথ , অতিৰিক্ত সচিব বিজয়লক্ষ্মী বৰুৱা, লোক নিৰ্মাণ বিভাগৰ মূখ্য অভিযন্তা নিৰেন বৰুৱা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপ-সভাপতি জিতুল সোণোৱাল, সচিব সুদৰ্শন ঠাকুৰ লগতে বিভিন্ন বিষয়া কৰ্মচাৰী সকল উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.