ৰাজ্যৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ ল`লে মুখ্যমন্ত্ৰীয়ে

0 221

ৰাজ্যখনত আজি অনুভূত হোৱা প্ৰৱল ভূমিকম্পৰ পিছতেই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সৈতে টেলিফোন যোগে বাৰ্তালাভ কৰি ৰাজ্যৰ শেহতীয়া পৰিস্থিতি তথা ক্ষয় ক্ষতি বুজ লয়।বাৰ্তালাভ সময়ত প্ৰধানমন্ত্ৰীয়ে এই দুৰ্যোগৰ সময়ত অসমৰ জনসাধাৰণলৈ সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।অসম বাসী সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিটো মুহূৰ্ততে প্ৰস্তুত বুলিও প্ৰধানমন্ত্ৰীয়ে কয়।আনহাতে অসমৰ ভূমিকম্প সন্দৰ্ভত উদ্বিগ্ন প্ৰধানমন্ত্ৰীয়ে আজি দুপৰীয়া ভাগত মুখ্যমন্ত্ৰীক দ্বিতীয় বাৰৰ বাবে টেলিফোন যোগে বাৰ্তালাভ কৰি এই সম্পৰ্কত বিতংভাৱে আলোচনা কৰে।আলোচনা কালত মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত ৰাজ্য চৰকাৰে লাভ কৰা তথ্য সমূহ প্ৰধানমন্ত্ৰীক অৱগত কৰে।প্ৰধানমন্ত্ৰীয়ে অসমৰ জনসাধাৰণৰক এই ক্ষেত্ৰত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।
আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙেও মুখ্যমন্ত্ৰীক ফোন কৰি ভূমিকম্প ক্ষয় ক্ষতিৰ বুজ লয়।কেন্দ্ৰীয় মন্ত্ৰী কেইগৰাকীয়ে ৰাজ্য চৰকাৰক প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।এই দুৰ্যোগৰ সময়ত অসমবাসী কাষত ঠিয় দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসী হৈ ধন্যবাদ জ্ঞাপন কৰে।
আজি অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ক’ভিডৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ৰ যুঁজ দি থকা সময়তে আজি পুৱাৰ ভাগত অহা ভূমিকম্পই ৰাজ্যৰ জনসাধাৰণক শংকিত কৰি তুলিছে।ভূমিকম্প পিছতে ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰশাসনৰ সৈতে যোগাযোগ কৰি পৰিস্থিতি বুজ লৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে কিছু সংখ্যক ভৱনত ক্ষতি সাধন হোৱাৰ লগতে দুই এগৰাকী ব্যক্তি সামান্য আধাতপ্ৰাপ্ত হৈছে যদিও এই ভূমিকম্পত বেছি ক্ষয় ক্ষতি হোৱা নাই।আঘাতপ্ৰাপ্ত সকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।জিলা সমূহত হোৱা ক্ষয় ক্ষতিৰ চৰজমিন বুজ লৈ প্ৰতিবেদন দাখিল কৰিবলৈ জিলা প্ৰশাসন সমূহক নিৰ্দেশ দিয়ে।লগতে ক্ষতিগ্ৰস্ত ৰাইজক অতি শীঘ্ৰে যাৱতীয় সহায় সহযোগিতা আগবঢ়োৱাৰ বাবেও প্ৰশাসন সমূহক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

Leave A Reply

Your email address will not be published.