গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী অঞ্চলৰ এক দম্পতি ক্ৰমে – হলিৰাম ৰাভা আৰু জয়ন্তী ৰাভাই বৃহত্তৰ ৰাণী অঞ্চলত ফুলৰ খেতিৰে গঢ়ি তুলিছে পুষ্প বিপ্লৱ। বছৰজুৰি একাগ্ৰতাৰে লাগি থকা নিজৰ কামত কোনোপধ্যেই আপোচ নকৰা তথা দম্পতিহালে যেন ফুলৰ মাজতেই জীৱনক উপলব্ধি কৰে। বিগত প্ৰায় তিনি বছৰ ধৰি জয়ন্তী ৰাভা আৰু স্বামী হলিৰাম ৰাভা ৰানীৰ অঞ্চলত ফুলৰ খেতিৰে পুষ্প বিপ্লৱৰে এক নতুন দিগন্তৰ সূচনা কৰা পৰিলক্ষিত হৈছে। সমান্তৰালভাবে ফুলৰ খেতি কৰি স্বাৱলম্বনৰ এক নতুন বাট মুকলি কৰি উঠি অহা প্ৰজন্মক উৎসাহিত কৰিছে । নাৰ্জি, ৰজনীগন্ধাকে ধৰি বিভিন্ন থলুৱা প্ৰজাতিৰ ফুল আৰু বিভিন্ন প্ৰকাৰৰ অৰ্কিডৰ ব্যৱসায়েৰে ইতিমধ্যে নিজকে প্ৰতিষ্ঠা কৰিছে দুয়োজনে।পূৰ্বে এক বিঘা মাটিত নাৰ্জি ফুলৰ খেতিৰে ফুলৰ খেতি আৰম্ভ কৰা জয়ন্তী ৰাভাই গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত ফুলৰ যোগান ধৰি আহিছে। পশ্চিম গুৱাহাটীৰ আজাৰা কাঁহিকুছিস্থিত উদ্যান শস্য গবেষণা কেন্দ্ৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপৰ পৰা যথেষ্ট দিহা – পৰামৰ্শ ,সহায় – সহযোগিতা লাভ কৰি বৈজ্ঞানিক পদ্ধতিৰে ফুলৰ খেতি কৰি অধিক উৎপাদন কৰিবলৈ সক্ষম হৈছে । বিশেষকৈ বজাৰত নাৰ্জি, ৰজনীগন্ধা আৰু অৰ্কিডৰ বিপুল চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে দুগুণ উৎসাহৰে এই ফুল কেইবিধৰ খেতি কৰি আহিছে। বৰ্তমান বজাৰত ফুলৰ চাহিদা লাহে লাহে বৃদ্ধি পাই আহিছে । বিয়া – সবাহ,পূজা পাৰ্বনকে ধৰি যিকোনো মাংগলিক কাৰ্য ,বিভিন্ন সভা-সমিতি আদিত প্ৰয়োজন হোৱা ফুল বহুলোকে তেওঁলোকৰ পৰা সংগ্ৰহ কৰি আহিছে। বৈজ্ঞানিক পদ্ধতিৰে চন পৰি থকা পতিত মাটিত থলুৱা ভাবে ফুলৰ খেতি কৰি যে আৰ্থিক ভাৱে লাভবান হব পাৰি তাৰ নিদৰ্শন দেখুৱাইছে ৰাণীৰ এই দম্পত্তিয়ে । পূৰ্বতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যৰ দৰে গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰা জয়ন্তী ৰাভাই বৰ্তমান ৰাজনীতিৰ পৰা কিছু আঁতৰত থাকি স্বামী হলিৰাম ৰাভাৰ সৈতে ফুলৰ খেতিত নিজকে ব্যস্ত ৰাখিছে। জয়ন্তী ৰাভাই জানিবলৈ দিয়া মতে অলপ কষ্ট কৰিলেই আমাৰ পতিত হৈ থকা মাটি সমূহত যুৱক -যুৱতী সকলে সহজে ফুলৰ খেতি কৰি আৰ্থিক ভাৱে লাভবান হব পাৰে। কাৰণ দিনক দিনে ফুলৰ চাহিদা বৃদ্ধি পাইছে।
Trending
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ