গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী অঞ্চলৰ এক দম্পতি ক্ৰমে – হলিৰাম ৰাভা আৰু জয়ন্তী ৰাভাই বৃহত্তৰ ৰাণী অঞ্চলত ফুলৰ খেতিৰে গঢ়ি তুলিছে পুষ্প বিপ্লৱ। বছৰজুৰি একাগ্ৰতাৰে লাগি থকা নিজৰ কামত কোনোপধ্যেই আপোচ নকৰা তথা দম্পতিহালে যেন ফুলৰ মাজতেই জীৱনক উপলব্ধি কৰে। বিগত প্ৰায় তিনি বছৰ ধৰি জয়ন্তী ৰাভা আৰু স্বামী হলিৰাম ৰাভা ৰানীৰ অঞ্চলত ফুলৰ খেতিৰে পুষ্প বিপ্লৱৰে এক নতুন দিগন্তৰ সূচনা কৰা পৰিলক্ষিত হৈছে। সমান্তৰালভাবে ফুলৰ খেতি কৰি স্বাৱলম্বনৰ এক নতুন বাট মুকলি কৰি উঠি অহা প্ৰজন্মক উৎসাহিত কৰিছে । নাৰ্জি, ৰজনীগন্ধাকে ধৰি বিভিন্ন থলুৱা প্ৰজাতিৰ ফুল আৰু বিভিন্ন প্ৰকাৰৰ অৰ্কিডৰ ব্যৱসায়েৰে ইতিমধ্যে নিজকে প্ৰতিষ্ঠা কৰিছে দুয়োজনে।পূৰ্বে এক বিঘা মাটিত নাৰ্জি ফুলৰ খেতিৰে ফুলৰ খেতি আৰম্ভ কৰা জয়ন্তী ৰাভাই গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত ফুলৰ যোগান ধৰি আহিছে। পশ্চিম গুৱাহাটীৰ আজাৰা কাঁহিকুছিস্থিত উদ্যান শস্য গবেষণা কেন্দ্ৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপৰ পৰা যথেষ্ট দিহা – পৰামৰ্শ ,সহায় – সহযোগিতা লাভ কৰি বৈজ্ঞানিক পদ্ধতিৰে ফুলৰ খেতি কৰি অধিক উৎপাদন কৰিবলৈ সক্ষম হৈছে । বিশেষকৈ বজাৰত নাৰ্জি, ৰজনীগন্ধা আৰু অৰ্কিডৰ বিপুল চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে দুগুণ উৎসাহৰে এই ফুল কেইবিধৰ খেতি কৰি আহিছে। বৰ্তমান বজাৰত ফুলৰ চাহিদা লাহে লাহে বৃদ্ধি পাই আহিছে । বিয়া – সবাহ,পূজা পাৰ্বনকে ধৰি যিকোনো মাংগলিক কাৰ্য ,বিভিন্ন সভা-সমিতি আদিত প্ৰয়োজন হোৱা ফুল বহুলোকে তেওঁলোকৰ পৰা সংগ্ৰহ কৰি আহিছে। বৈজ্ঞানিক পদ্ধতিৰে চন পৰি থকা পতিত মাটিত থলুৱা ভাবে ফুলৰ খেতি কৰি যে আৰ্থিক ভাৱে লাভবান হব পাৰি তাৰ নিদৰ্শন দেখুৱাইছে ৰাণীৰ এই দম্পত্তিয়ে । পূৰ্বতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যৰ দৰে গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰা জয়ন্তী ৰাভাই বৰ্তমান ৰাজনীতিৰ পৰা কিছু আঁতৰত থাকি স্বামী হলিৰাম ৰাভাৰ সৈতে ফুলৰ খেতিত নিজকে ব্যস্ত ৰাখিছে। জয়ন্তী ৰাভাই জানিবলৈ দিয়া মতে অলপ কষ্ট কৰিলেই আমাৰ পতিত হৈ থকা মাটি সমূহত যুৱক -যুৱতী সকলে সহজে ফুলৰ খেতি কৰি আৰ্থিক ভাৱে লাভবান হব পাৰে। কাৰণ দিনক দিনে ফুলৰ চাহিদা বৃদ্ধি পাইছে।
Trending
- সাহিত্য অকাডেমী বঁটা প্ৰাপক সুৰেন্দ্ৰ মোহন দাসক উষ্ম অভিনন্দন
- Assam–Arunachal Border Talks: 5th Regional Committee Meeting Charts Path to Resolution
- অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকক অনলাইন প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতী এয়াৰটেলৰ অনন্য প্ৰচেষ্টা
- ৰাইজৰ সুবিধাৰ বাবে বন বিভাগৰ ৱেব পৰ্টেল আৰু ম’বাইল এপ মুকলি
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ