ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি অহা ৩১ অক্টোবৰত ৰাজ্যখনত ৩,৫০০টা স্থানত একতাৰ দৌৰৰ আয়োজন কৰা হ’ব।আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন সন্দৰ্ভত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত লোৱা হয়।উল্লেখ্য যে মহান স্বাধীনতা সংগ্ৰামী,দেশৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী তথা প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয়।মুখ্যমন্ত্ৰী শৰ্মাই কয় হে প্ৰতিখন জিলাৰ ১০০ টা স্থানত একতা দৌৰৰ আয়োজনেৰে সমগ্ৰ অসমত মুঠ ৩,৫০০ টা স্থানত একতাৰ দৌৰৰ আয়োজন কৰা হ’ব।জিলা প্ৰশাসনে ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণক জড়িত কৰি এই একতা দৌৰৰ আয়োজন কৰিব। মুখ্যমন্ত্ৰীয়ে প্ৰতিখন শিক্ষা প্ৰতিষ্ঠান আৰু চৰকাৰী কাৰ্যালয়ত সেইদিনা পুৱা ১০.৩০ বজাত ৰাষ্ট্ৰীয় একতাৰ বাবে প্ৰতিজ্ঞা গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈও নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্যিক আৰক্ষী বাহিনীক প্ৰতিখন জিলাৰ মুখ্য কাৰ্যালয়ত এই উপলক্ষে কুচকাৱাজ উলিয়াবলৈও নিৰ্দেশ দিয়ে।সকলো জিলাতে এই কাৰ্যসূচী যাতে সফলভাবে ৰূপায়ন হয় সেই উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক সৈতে ভিডিঅ’ কনফাৰেন্স যোগে বিতং আলোচনা কৰি যাবতীয় পদক্ষেপ ল’বলৈ মুখ্য সচিবক নিৰ্দেশ দিয়ে।আজিৰ এই অনুষ্ঠানত জলসম্পদ মন্ত্ৰী পিযূষ হাজৰিকা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা,শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছা,মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত,অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং,মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা প্ৰমুখ্যে শীৰ্ষ বিষয়া সকল উপস্থিত থাকে।
Trending
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ
- NECTAR Inaugurates Common Facility Centre under PM-DevINE Scheme at Boko, Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত নিচামুক্ত যুৱকৰ দ্বাৰা বিকশিত ভাৰত সংকল্প অভিযান অনুষ্ঠিত
- এপেক্স বেংক ষ্টাফ এচ’চিয়েচনৰ বানে গৰকা ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ কল্যাণময়ীৰ উদ্যোগত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ ১৯ সংখ্যক কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠান সফলতাৰে সম্পন্ন
- কৃষি বিজ্ঞান কেন্দ্ৰত ‘কাজিনেমু’ৰ ৰপ্তানি বিষয়ক সজাগতা মূলক সভা আৰু প্ৰশিক্ষণ কাৰ্যসূচী