ৰাসৰ মঞ্চত পথ-সুৰক্ষা সজাগতাৰ ব্যতিক্ৰমী কাৰ্যসূচী পৰিবহণ বিভাগৰ-সকলো সময়তে সুস্থ দেহ-মন ধৰি ৰাখিবলৈ হ’লে পথ-সুৰক্ষাৰ সজাগতা একান্তই আৱশ্যক

0 141

শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ এই পবিত্ৰ সময়ত পথ-সুৰক্ষা সজাগতাৰ বিভিন্ন দিশসমূহ ৰাইজৰ মাজলৈ আগবঢ়াই নিয়াৰ প্ৰয়াসেৰে পৰিবহণ বিভাগে অভিযান অব্যাহত ৰাখিছে। এই উপলক্ষে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত, ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত দেওবাৰে নিশা শুৱালকুছি আৰু শনিবাৰে মহানগৰীৰ জাপৰিগোগ ৰাস মহোৎসৱৰ মঞ্চত ব্যতিক্ৰমী সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। শুৱালকুছিৰ ৰাস মহোৎসৱৰ মঞ্চত সজাগতামূলক নাটক, মুকাভিনয়,তথ্যচিত্ৰ প্ৰদৰ্শনৰ উপৰি জনপ্ৰিয় কন্ঠশিল্পী কল্লোল বৰঠাকুৰে পথ-সুৰক্ষাৰ নীতি নিয়ম সন্দৰ্ভত ৰচিত গীত পৰিবেশন কৰে। ৰাস মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান উদ্বোধন কৰি অগণন ভক্তপ্ৰাণ ৰাইজক উদ্যেশি দিনটোৰ বিভিন্ন সময়ত পথেৰে যাতায়াত কৰোতে পথ-সুৰক্ষাক প্ৰাথমিক আৰু গুৰুত্বপূৰ্ণ বিষয় হিচাপে অগ্ৰাধিকাৰ দিবলৈ সকলো শ্ৰেণীৰ ৰাইজৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে পথচাৰী অথবা যানবাহন ব্যৱহাৰকাৰী যিয়েই নহওক, সকলো সময়তে সুস্থ দেহত সুস্থ মন ধৰি ৰাখিবলৈ হ’লে পথত সুৰক্ষাৰ বাবে সজাগতা একান্তই আৱশ্যক । তদুপৰি অন্তৰেৰে গ্ৰহণ কৰা প্ৰতিটো কামতে মানুহ লক্ষ্যত উপনীত হ’ব পাৰে বুলি মন্তব্য কৰি পথ-সুৰক্ষাৰ বাবে সকলো সময়তে সজাগ হৈ থাকিবলগীয়া বিষয়সমূহ অন্তৰেৰে ল’ব জানিলে সুৰক্ষিত জীৱন যাপন অব্যাহত ৰাখিব নোৱাৰাৰ কাৰণ নাথাকে বুলি চিন্তাসমৃদ্ধ বক্তব্য আগবঢ়াই।
অনুষ্ঠানত ৰাসলীলাৰ চলেৰে অনুষ্ঠিত সজাগতামূলক নাটকত পৰিবহণ বিভাগ আৰু আৰক্ষীৰূপী ভগৱান “শ্ৰীকৃষ্ণ” পদাৰ্পণ হৈ যানবাহন চলাওঁতে মানি চলিবলগীয়া নীতি-নিয়ম সমূহ উল্লেখ কৰি কয় যে গাড়ীত উঠিয়ে দুচকীয়া বাহনৰ চালক-আৰোহীয়ে হেলমেট আৰু চাৰিচকীয়া বাহনত সকলোৱে ছীটবেল্ট পৰিধান কৰাটো নিশ্চিত কৰিব লাগিব । জীৱনটো উপভোগৰ নামত প্ৰত্যেকেই আনন্দ-ফূৰ্তি কৰে, কিন্তু সেইবুলিয়ে নিচাযুক্ত দ্ৰব্য সেৱন কৰি যানবাহনত উঠি নিজকে যন্ত্ৰত পৰিণত কৰি বিপদ মাতিব নোৱাৰিব।জীৱনত যিমান পাৰি আগবাঢ়িবলৈ মানুহে চেষ্টা কৰে, কিন্তু নিজৰ গাড়ীখন তীব্ৰগতি পৰিহাৰ কৰি নিয়ন্ত্ৰিত গতিতহে চলাব লাগিব । জীৱনত যোগাযোগ অবিহনে অগ্ৰগতি অসম্ভৱ। কিন্তু গাড়ী চলাই থাকোতে মোবাইল ফোন ব্যৱহাৰৰ অন্যমনস্কতাই যাতে জীৱনটো স্তব্ধ কৰি নেপেলাই তাৰ বাবে সতৰ্ক কৰি দিয়ে। উল্লেখ্য যে,শনিবাৰে নিশা গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়াই উদ্বোধন কৰা মহানগৰীৰ জাপৰিগোগৰ ৰাসলীলা উৎসৱত আৰক্ষী উপ মহাপৰিদৰ্শক পাৰ্থসাৰথি মহন্ত আৰু বিশিষ্ট চিকিৎসক তথা নেমকেয়াৰ হস্পিতালৰ স্বত্বাধিকাৰী হীতেশ বৰুৱাও উপস্থিত থাকি বক্তব্য আগবঢ়োৱা উদ্বোধনী অনুষ্ঠানটো অসম চৰকাৰৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে ৰাসলীলাৰ বিভিন্ন দিশৰ লগতে পথ-সুৰক্ষা সজাগতামূলক ভাষণ দি ব্যাপক জনসচেতনতা সৃষ্টিৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.