100 story house যাৰ নামেই পৰিচয়

0 351

IMG-20171209-WA0021-700x400

বিষয় বস্তুৰ অভিমুখে গতি কৰাৰ পূৰ্বে ক’ব বিচাৰিছো যে ভৈয়ামবাসীৰ জীৱন জীৱিকা আৰু পাহাৰবাসীৰ জীৱন জীৱিকাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। ভৈয়ামত সকলোবোৰ বস্তু যিদৰে সুলভ ভাৱে পোৱা যায়, পাহাৰত সেই একেবোৰ বস্তু পোৱাটো দুৰ্লভ হৈ পৰে। বেছি দূৰলৈ নগ’লেও যদি চুবুৰীয়া ৰাজ্য মেঘালয়ত দৃষ্টি দিও, শ্বিলংৰ বাহিৰে পূব, পশ্চিম গাৰো পাহাৰত বহু বস্তু, সামগ্ৰী বজাৰত সুলভ ভাৱে এতিয়াও পোৱা নাযায়। যাৰ বাবে তুৰাৰ এগৰাকী যুৱতীয়ে আৰম্ভ কৰিছে 100 story house শীৰ্ষক এক অনুষ্ঠান। যিটো অনুষ্ঠানৰ জৰিয়তে বহু শিশুৱে বিচাৰি পাইছে জীৱনৰ নৱ ছন্দ।

IMG-20171209-WA0022-600x400
তুৰাৰ আঢ়ৈ মাইলৰ জুমেমা মাৰাক নামৰ যুৱতীগৰাকীয়ে ঘৰতে পুথিভড়াল আৰু প্লে’হাউচ প্ৰতিষ্ঠা কৰিছে। যাৰ জৰিয়তে বহু শিশুৰ মানসিক, বৌদ্ধিক বিকাশ হ’বলৈ সক্ষম হৈছে।

জুমেমা মাৰাকে কয়…. তুৰা এনে এখন ঠাই, য’ত ছাত্ৰ-ছাত্ৰীয়ে বহুসময়ত পঢ়াৰ বাবে কিতাপ বিচাৰি নাপায়। বজাৰত যিবোৰ কিতাপ উপলব্ধ হয়, সেই কিতাপবোৰ বহু বছৰ পুৰণি কিতাপ আৰু আজিৰ ল’ৰা-ছোৱালীয়ে সেইবোৰ পঢ়ি আনন্দিত নহয়। সেয়েহে 100 story house নামেৰে এটা অনুষ্ঠান প্ৰতিষ্ঠা কৰিলো। ২০১৬ চনৰ ২৩ এপ্ৰিলত আমাৰ 100 story house ৰ শুভাৰম্ভ হয়। ঘৰে ঘৰে গৈ অথবা চ’চিয়েল মেডিয়াৰ যোগে প্ৰচাৰ কাৰ্য্য চলাই মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰো। প্ৰথম অৱস্থাত অভিভাৱকৰ পৰা যথেষ্ট সহাঁৰি পাইছিলো। দেশী, বিদেশী পৰ্যটক, সংগঠনে 100 story house ক দান বৰঙণি আগবঢ়াই সকাহ দিছে। উল্লেখ্য যে, 100 story house ত বহুতে কিতাপৰ উপৰিও খেলাৰ সামগ্ৰী দান হিচাপে দিয়ে। এসময়ত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত জুমেমা মাৰাকক এই কামৰ বাবে তেখেতৰ স্বামীয়ে সহায় কৰি আহিছে।

IMG-20171209-WA0020-600x400

উল্লেখ্য যে, 100 story house ৰ আজীৱন সদস্য হ’বলৈ হ’লে শিশুৰ বাবে ২০০ টকা আৰু প্ৰাপ্তবয়স্কৰ বাবে ৫০০ টকা ৰেজিষ্টেচন ফিজ দিব লাগে। 100 story house ত ইংৰাজী, হিন্দী, গাৰো ভাষাৰ বহুতো কিতাপ বৰ্তমানে আছে। জুমেমা মাৰাকৰ সপোন, ভিতৰুৱা গাওঁ অঞ্চলতো 100 story house ৰ শাখা সম্প্ৰসাৰণ কৰা। কোনো ইচ্ছুক ব্যক্তি বিশেষ অথবা দল সংগঠনে কিতাপ, খেলৰ সামগ্ৰী দান দিব বিচাৰিলে 8794705587 নম্বৰত যোগাযোগ কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.