প্ৰথম বাৰৰ বাবে তেজপুৰৰ লিচুৱে লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় বজাৰ

0 272

ৰস, ৰং আৰু সোৱাদৰ অনন্যতাৰ বাবে তেজপুৰৰ লিচু প্ৰখ্যাত। তেজপুৰৰ লিচুৱে ২০১৫ চনতে লাভ কৰিছিল জি আই টেগ। এই প্ৰখ্যাত তেজপুৰ লিচুৰ বাবে আজি এক বিশেষ দিন। কিয়নো আজি পোনপ্ৰথমবাৰৰ বাবে তেজপুৰ লিচুৱে লাভ কৰিবলৈ সক্ষম হ’ল আন্তঃৰাষ্ট্ৰীয় বজাৰ। প্ৰায় ১০৬ জন কৃষকেৰে গঠিত অগ্নিগড় কৃষক উৎপাদক কোম্পানীৰদ্বাৰা উৎপাদিত ৬৫০ কিলোগ্ৰাম তেজপুৰ লিচু “Kiega Exims” নামৰ কোম্পানীটোৱে আজি লণ্ডনলৈ ৰপ্তানি কৰে। তেজপুৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতেই আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা এই ৰপ্তানি যাত্ৰাৰ কাৰ্যসূচী আৰম্ভ কৰে।
উল্লেখযোগ্য যে প্ৰক্ৰিয়াটোৰ সৈতে জড়িত APEDA, APART, BNCA, অসম কৃষি বিশ্ববিদ্যালয়, নাবাৰ্ড, শোণিতপুৰ জিলা কৃষি বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়, জিলা প্ৰশাসন, অগ্নিগড় কৃষক উৎপাদক কোম্পানী জৰিত আছে।
আত্মনিৰ্ভৰ অসম গঢ়াৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে কৃষি বিভাগে সবল ভূমিকা গ্ৰহণ কৰি যুৱপ্ৰজন্মৰ মাজত স্বনিৰ্ভৰশীলতাৰ ভাৱনা জগাই তুলিছে। থলুৱাভাৱে উৎপাদিত ফল-মূলৰ বিশ্বজুৰি এখন বহল বজাৰ নিশ্চিত কৰাৰ বাবেও আমি প্ৰয়াস কৰিছে।

আজিৰ এই কাৰ্যসূচীত , কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশীষ কুমাৰ ভূটানী, সঞ্চালক শ্ৰী অনন্ত লাল জ্ঞানী, উদ্যান শস্য বিভাগৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা প্ৰমুখ্যে বিভাগীয় তথা জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল, অগ্নিগড় কৃষক উৎপাদক কোম্পানী আৰু Kiega Exims-ৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.