Mr. India প্ৰতিযোগিতাত অসমৰ সাগৰ

1 306

PicsArt_06-24-08.09.09

এখন সৰুঠাইৰ এজন যুৱক। যুৱক জনৰ নাম সাগৰ ঘোষ। যুৱকজনে ফেশ্বন জগতত ৰাষ্ট্ৰীয় পৰ্য্যায়ত পৰ্দাপণ কৰা খবৰে সকলোকে আনন্দিত কৰি তুলিছে। বৰপেটাৰ সৰভোগ বজাৰৰ নিবাসী সাগৰ ঘোষে Dillywood নামৰ ৱেবচাইটটোৰ যোগেদি ফেশ্বন ফটোগ্ৰাফ প্ৰকাশিত হোৱা পিছতেই Mr. Indiaৰ চুড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সুযোগ লাভ কৰে।

PicsArt_06-24-08.08.06

ফেশ্বন মডেলিঙ জগতত কিদৰে কেতিয়াৰ পৰা জৰিত হৈ পৰিল জানিব বিচৰাত সাগৰ ঘোষে এনেদৰে জনায়… আচলতে বহুত সৰুৰে পৰাই মোৰ এটা আশা আছিল, মডেলিং কৰাৰ বাবে। মোৰ আশাৰ বাবেই হাইচেকেণ্ডৰী পৰীক্ষা দিয়ে, ঢাপলি মেলিছিলো সুদুৰ মুম্বাইলৈ। মুম্বাইত ফিল্ম আৰু মডেলিঙৰ বিশেষ পাঠ্যক্ৰম গ্ৰহণ কৰি কিছুদিন Balajee Television কৰ্মৰত আছিলো। তাৰ পিছত ঘৰলৈ আহি মডেলিঙৰ বাবে নিজকে প্ৰস্তুত কৰি লও। আৰু বিভিন্ন মডেলিং প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰো। ইয়াৰ পূৰ্বে মেগা মিঃ নৰ্থইষ্ট ২০১৭ ত অংশগ্ৰহণ কৰি ফাইনেলিষ্ট হও।

PicsArt_06-24-08.08.38

স্মতৰ্ব্য যে মিষ্টাৰ নৰ্থইষ্ট প্ৰতিযোগিতা ২৬ জুনৰ পৰা ৩০ জুনলৈ অনুষ্ঠিত হ’ব। ৩০ জুনত চুড়ান্ত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হ’ব। সমূহ অসম ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছে যাতে সফলতাৰে শিখৰত চুমিব পাৰে।

এই শুভক্ষণত nefocus.com ৰ ফালৰ পৰা আমি জনালো অলেখ অভিনন্দন।

1 Comment
  1. Manjit Dihingia says

    অভিনন্দন জনালোঁ

Leave A Reply

Your email address will not be published.