স্বচ্ছতা হি সেৱা অভিযানৰ অংশস্বৰুপে গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডক এন আৰ এলে ৩০টা ডাষ্টবিন প্ৰদান কৰে।যোৱা ২৫ অক্টোবৰত শ্ৰদ্ধাঞ্জলি কাননত এই ডাষ্টবিন সমূহ এন আৰ এলৰ কোম্পানী ছেক্ৰেটাৰী এছ কে শৰ্মা ,প্ৰণৱ বৰুৱা,সুব্ৰত দাস ,মধুচন্দা অধিকাৰীৰ লগতে বহুকেইগৰাকী বিষয়াৰ উপস্থিতি আনুষ্ঠানিকভাৱে বিতৰণ কৰে ।ইয়াৰ উপৰিও এন আৰ এলে স্বচ্ছতা হি সেৱা অভিযান উপলক্ষ্যে শোধনাগাৰ চৌহদত আৰু বিভিন্ন ঠাইত কাৰ্য্যসূচী অনুষ্ঠিত কৰিছে।এই অভিযানৰ আৰম্ভণিতে ব্যৱহাৰ যোগ্য প্লাষ্টিকৰ বহিস্কাৰ কাৰ্য্যসূচী অনুষ্ঠিত হয়।আনহাতে শোধনাগাৰ চৌহদ অন্য স্থানত ৱেষ্ট হেণ্ডেলিং আৰু প্লাষ্টিক প্ৰছেচিং ইউনিট স্থাপন কৰা হয়।ইয়াৰ উপৰিও শোধনাগাৰৰ সমীপৰ এখন গাঁৱত খোৱাপানীৰ এ টি এম ,ডাষ্টবিন বিতৰণৰ লগতে গছপুলি ৰোপনৰ কাৰ্য্যসূচী সমাপন কৰে ।
Trending
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme