USTM ৰ এক পদক্ষেপ

0 419

University of science and technology, মেঘালয়ৰ উত্তৰ পূব মহাবিদ্যালয় আলোচনী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়। কিছুদিন পূৰ্বে অনুষ্ঠিত হৈ যোৱা এই আলোচনী প্ৰতিযোগিতা খনৰ ফলাফল গুৱাহাটী প্ৰেছ ক্লাৱত ঘোষণা কৰা হয়। উল্লেখযোগ্য যে USTM ৰ প্ৰকাশন শাখাটোয়ে উত্তৰ পূৱৰ যুৱ প্ৰজন্মৰ মাজৰ পৰা নবাগত লেখক-লেখিকা, আলোচনী সম্পাদক-সম্পাদিকা, বেটুপাত অংকন আদিৰ দৰে প্ৰতিভাবোৰ বিচাৰি উলিয়াই তেওঁলোকৰ সাহিত্য বিকাশৰ অৰ্থে এই উৎসাহ জনক পদক্ষেপ লৈছে। এই প্ৰতিযোগিতাখনিত মুঠ ২০০ ৰো অধিক আলোচনী অন্তৰ্ভুক্ত হৈছে।

IMG-20170529-WA0014

নৰ্থ ইষ্ট কলেজ মেগাজিন প্ৰতিযোগিতাত শ্ৰেষ্ঠ আলোচনী হিচাপে স্থান পায়, ক্ৰমে ডিগবৈ মহাবিদ্যালয়ৰ “আলোচনী”, জি বি কলেজৰ “জেবিয়ান”, আৰু লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ “লক্ষীমপুৰ গাৰ্লছ কলেজ মেগাজিন”। এই আলোচনী কেইখনৰ সম্পাদকীয় শাখা কেইটাক কম্পিউটাৰ সৈতে প্ৰমান পত্ৰ আৰু স্মৃতি চিহ্ন প্ৰদান কৰা হ’ব। আনবোৰ প্ৰতিযোগিতাৰ ভিতৰত শ্ৰেষ্ঠ মুখপৃষ্ঠ লাভ কৰিছে কটন মহাবিদ্যালয়, শ্ৰেষ্ঠমহিলা সম্পাদিকা ডিগবৈ কলেজৰ দ্বীপশিখা বৰুৱাই, শ্ৰেষ্ঠ লেখিকা গুৱাহাটীৰ কে চি দাস কৰ্মাছ মহাবিদ্যালয়ৰ প্ৰিয়ংকা নাথে আৰু শ্ৰেষ্ঠ অনুচ্ছেদ লাভ কৰিছে নলবাৰী মহাবিদ্যালয়ৰ মানস প্ৰতিম ৰাজবংশীয়ে।

নিৰ্ণায়ক সমিটিৰ বিশেষ বঁটা লাভ কৰে শ্বিলঙৰ চেইণ্ট এণ্ঠনি মহাবিদ্যালয় আৰু ডিমাপুৰৰ চেলেষ্টেইয়ান মহাবিদ্যালয়ে।

IMG-20170529-WA0013

এই আলোচনী প্ৰতিযোগিতাৰ বিচাৰক মণ্ডলীত আছিল, আসাম ট্ৰিবিউন বাতৰিকাকতৰ কাৰ্য্যকাৰী সম্পাদক শ্ৰী পি জে বৰুৱা, ইষ্ঠাৰ্ণ ক্ৰনিকেলৰ প্ৰাক্তন সম্পাদক এন আই লস্কৰ, ডা মাইলেজ আলোচনীৰ সম্পাদক শ্ৰী বিজয় ঘিমিৰে আৰু ই এছ টি এমৰ স্কুল আৱ ছচিয়েল ছাইন্স এণ্ড হিউমেনিটিজৰ ডিন প্ৰফেচৰ নীলিমা ভাগৱতী।

USTM ৰ আচাৰ্য্য শ্ৰী মহবুবুল হকে উত্তৰ পূবৰ প্ৰজন্মৰ প্ৰতিভাবোৰক বাৰুকৈয়ে প্ৰশংসা কৰে আৰু কয় যে ছাত্ৰ ছাত্ৰী সকলক সময়ে সময়ে তেওঁলোকৰ সৃষ্টিমূলক কাৰ্য্যকলাপৰ বাবে উৎসাহিত কৰাটো দৰকাৰ। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা জুন মাহৰ সপ্তাহত অথবা জুলাই মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.