ডেভেলপমেণ্ট ডিজিটেলি নামৰ ৱাটচআপ গোটৰ উদ্যোগত ১০ জুলাই তাৰিখে সন্ধিয়া ৮ বজাত “What Next After 10th and 12th” শীৰ্ষক এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত হয় । ৱাটচআপ গোটটোৰ প্রশাসক বিমল বৰাই শুভাৰম্ভণি কৰা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই । কৰ্মশালাখনত ড° বুঢ়াগোহাঁয়ে শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখা , বাণিজ্য শাখা , কলা শাখা তথা বৃত্তিমুখী (vocational) শিক্ষা গ্ৰহণ কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব পাৰে সেই বিষয়ে তেওঁ বাখ্যা আগবঢ়ায় । তেওঁ কৰ্মশালাখনত অংশগ্রহকাৰীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে । কৰ্মশালাখনত আসনৰ সংখ্যা ১০০ খন হোৱা বাবে বহুতো শিক্ষাৰ্থীয়ে অংশ গ্রহণ কৰিব নোৱাৰিলে , তেওঁলোকে ইউটিউব(https://youtu.be/WpsrYvfmFTQ) ত কৰ্মশালাখনৰ ৰেকৰ্ডিংটো চাব পাৰিব বুলি ড° বুলজিৎ বুঢ়াগোহাঁয়ে জানিবলৈ দিয়ে ।
Trending
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme