আজি লক্ষ্মী পূজা। ধন, সম্পদ, অশ্বৰ্য্যৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা। গাঁৱৰ ৰাইজে পথাৰত, ভৰাঁল ঘৰত, এগছি বন্তি জ্বলাই, শৰাইএখন দি লক্ষ্মী দেৱীক আমন্ত্ৰণ জনায়। আনহাতে চহৰীয়া সকলে বজাৰতে পোৱা ধানৰ থোক, কলগছ, কুঁহিয়াৰ, ৰবাব টেঙা, বিভিন্ন ফলমূলে প্ৰসাদে লক্ষ্মী দেৱীক আদৰাৰ প্ৰস্তুতি চলাইছে। সেয়েহে মহানগৰীৰ বিভিন্ন বজাৰত পূজাৰ সামগ্ৰী বিচাৰি গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে। জনবিশ্বাস মতে, লক্ষ্মী দেৱী যাৰ ঘৰত পদাপৰ্ণ কৰে, তেওঁৰ ঘৰত ধনে ধানে ওপচি পৰে। প্ৰচলিত মত যে লক্ষ্মী দেৱী অতি শান্ত । হাই হাল্লা ভাল নাপায়। সেয়েহে তেওঁক পূজাৰ সময়ত নিয়মেৰে শান্তভাৱে পূজা অৰ্পণ কৰা উচিত । লক্ষ্মী দেৱীৰ প্ৰিয় ৰং শুভ্ৰ অথবা বগা। জনবিশ্বাস যে লক্ষ্মী দেৱী পূজা কৰা সময়ত শুভ্ৰ সাজ পৰিধান কৰি পূজা ভাগ আগবঢ়ালে অতি সহজতে প্ৰসন্ন হয়। এয়া আছিল লক্ষ্মী পূজাৰ কিছু ৰীতি। প্ৰিয় পাঠক আমাৰ ফালৰ পৰা লক্ষ্মী পূজাৰ অলেখ শুভেচ্ছা জনালোঁ।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
1 Comment
Leave A Reply
Cancel Reply
Bahut bhal lagil jani