উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ শ্ৰমিক-কৰ্মচাৰী সকলৰ অগ্ৰণী ট্ৰেড ইউনিয়ন “এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ একাদশ সংখ্যক দ্বি- বাৰ্ষিক অধিবেশনখন পানবজাৰ ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। ইউনিয়নৰ গুৱাহাটী শাখাৰ সভাপতি গুণেন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে সম্পাদক অৰূপ কলিতাই । আনহাতে ৰেলৱে কৰ্মচাৰীসকলৰ এটা সমবেত সংগীতৰে শুভাৰম্ভ হোৱা সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ বিশিষ্ট শ্ৰমিক নেতা আৰু ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই ভাষণ প্ৰসংগত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন অনুসৰি ৰেলৱে কৰ্মচাৰীসকলৰ বাবে থকা সকলো সা-সুবিধাসমূহ শীঘ্ৰে কাৰ্যকৰী কৰা, নতুন পেন্সন নীতি বাতিল আৰু পুৰণি পেন্সন নীতি বাহাল ৰখা,খালী হৈ থকা সকলো পদ পূৰণ কৰাকে ধৰি জন্মলগ্নৰে পৰা ইউনিয়নে ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰীৰ নাৰ্য্য প্ৰাপ্তিৰ হকে কিদৰে সবলভাবে মাত মাতি আহিছে তাৰ আলোকপাত কৰি ইউনিয়নৰ সাংগঠনিক দিশ শক্তিশালীকৰণৰ হকে সর্বস্ব উজাৰি দিবলৈ সকলোকে আহ্বান জনায়। সভাত ইউনিয়নৰ কাৰ্যকৰী সভাপতি মধুসুদন দাস, উপ সভাপতিদ্বয় ত্ৰিদীপ মজুমদাৰ আৰু ভাস্কৰ ভূষণ দাস, কাৰ্যকৰী সাধাৰণ সম্পাদক শেখৰ দাস, যুটীয়া সাধাৰণ সম্পাদকদ্বয় ৰুবুল বৰুৱা আৰু দেবাশীষ মুখাৰ্জী, সহকাৰী সাধাৰণ সম্পাদক আৰু প্ৰচাৰ কোষৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মন,কোষাধক্ষ্য জোন দাস , মাণ্ডলিক মহিলা শাখাৰ সম্পাদিকা মিতালী দত্ত দাসকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। আনহাতে সভাত সৰ্বসন্মতিক্ৰমে আগন্তুক দুই বছৰীয়া কাৰ্যকালৰ বাবে নিপন কলিতাক সভাপতি আৰু অৰূপ কলিতাক সম্পাদক হিচাপে লৈ গুৱাহাটী শাখাৰ কাৰ্যকৰী সমিতিখন গঠন কৰা হয়। তেনেদৰে লক্ষ্মী চৌধুৰীক সভানেত্ৰী আৰু নমিতা দাসক সম্পাদিকা হিচাপে লৈ গুৱাহাটী শাখাৰ মহিলা গোটৰ কাৰ্যকৰী সমিতিখন গঠন কৰা হয়। ইয়াৰ উপৰিও বিশ্বদেৱ মিশ্ৰক সভাপতি আৰু সুভাষ বণিয়াক সম্পাদক হিচাপে লৈ গুৱাহাটী শাখাৰ যুৱ গোটটো গঠন কৰা হয়। সভাৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত সমূহীয়াভাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ