উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ শ্ৰমিক-কৰ্মচাৰী সকলৰ অগ্ৰণী ট্ৰেড ইউনিয়ন “এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ একাদশ সংখ্যক দ্বি- বাৰ্ষিক অধিবেশনখন পানবজাৰ ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। ইউনিয়নৰ গুৱাহাটী শাখাৰ সভাপতি গুণেন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে সম্পাদক অৰূপ কলিতাই । আনহাতে ৰেলৱে কৰ্মচাৰীসকলৰ এটা সমবেত সংগীতৰে শুভাৰম্ভ হোৱা সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ বিশিষ্ট শ্ৰমিক নেতা আৰু ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই ভাষণ প্ৰসংগত অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন অনুসৰি ৰেলৱে কৰ্মচাৰীসকলৰ বাবে থকা সকলো সা-সুবিধাসমূহ শীঘ্ৰে কাৰ্যকৰী কৰা, নতুন পেন্সন নীতি বাতিল আৰু পুৰণি পেন্সন নীতি বাহাল ৰখা,খালী হৈ থকা সকলো পদ পূৰণ কৰাকে ধৰি জন্মলগ্নৰে পৰা ইউনিয়নে ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰীৰ নাৰ্য্য প্ৰাপ্তিৰ হকে কিদৰে সবলভাবে মাত মাতি আহিছে তাৰ আলোকপাত কৰি ইউনিয়নৰ সাংগঠনিক দিশ শক্তিশালীকৰণৰ হকে সর্বস্ব উজাৰি দিবলৈ সকলোকে আহ্বান জনায়। সভাত ইউনিয়নৰ কাৰ্যকৰী সভাপতি মধুসুদন দাস, উপ সভাপতিদ্বয় ত্ৰিদীপ মজুমদাৰ আৰু ভাস্কৰ ভূষণ দাস, কাৰ্যকৰী সাধাৰণ সম্পাদক শেখৰ দাস, যুটীয়া সাধাৰণ সম্পাদকদ্বয় ৰুবুল বৰুৱা আৰু দেবাশীষ মুখাৰ্জী, সহকাৰী সাধাৰণ সম্পাদক আৰু প্ৰচাৰ কোষৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মন,কোষাধক্ষ্য জোন দাস , মাণ্ডলিক মহিলা শাখাৰ সম্পাদিকা মিতালী দত্ত দাসকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। আনহাতে সভাত সৰ্বসন্মতিক্ৰমে আগন্তুক দুই বছৰীয়া কাৰ্যকালৰ বাবে নিপন কলিতাক সভাপতি আৰু অৰূপ কলিতাক সম্পাদক হিচাপে লৈ গুৱাহাটী শাখাৰ কাৰ্যকৰী সমিতিখন গঠন কৰা হয়। তেনেদৰে লক্ষ্মী চৌধুৰীক সভানেত্ৰী আৰু নমিতা দাসক সম্পাদিকা হিচাপে লৈ গুৱাহাটী শাখাৰ মহিলা গোটৰ কাৰ্যকৰী সমিতিখন গঠন কৰা হয়। ইয়াৰ উপৰিও বিশ্বদেৱ মিশ্ৰক সভাপতি আৰু সুভাষ বণিয়াক সম্পাদক হিচাপে লৈ গুৱাহাটী শাখাৰ যুৱ গোটটো গঠন কৰা হয়। সভাৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত সমূহীয়াভাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan