আজি মাঘ বিহু। মাঘ বিহু মানে ভোগালী বিহু। এই মাঘ মাহ টোৱে কঢ়িয়াই আনে ভোগৰ ভোগজৰা। সকলো বস্তুৱেই সকলোতে উভৈনদী হয়। আজি আপোনালোকক জনাব বিচাৰিছো, এইবাৰ মাঘ বিহুৰ কেইটামান ভাল লগা কথা। যিবোৰ কথা অথবা কামৰ কথা শুনিলে আমাৰ প্ৰতিজন অসমীয়াৰে বুকুখন গদগদ হৈ পৰিব। আজিৰ পৰা কিছু বছৰ আগলৈকে অসমীয়া জা-জলপান বজাৰ মুখী হোৱাটো সকলোৰে সপোনৰ আগোচৰ অথবা সাঁথৰ আছিল। কিন্তু আজি কালি বিহু বুলিলেই পিঠা, জা-জলপান সকলোবোৰে বজাৰ মুখী হ’ল। বজাৰত ৰেডিমেড পেকেট পোৱা হ’ল। আমি জনা নজনাকৈয়ে অৰ্থনৈতিক ভাবে বহুখিনি আগুৱাই গ’লো। তাতোকৈ ডাঙৰ কথা এইবাৰ চহৰতো অলপকৈ হ’লেও সবেই (গাঁৱৰ নিচিনাকৈ নহ’লেও) Readymade মেজি উপলব্ধ হোৱা তথা বিক্ৰী হোৱা দৃশ্যই দেখি খুবেই আনন্দিত হ’লো। তৃতীয়তে ভেলাঘৰ নিৰ্মাণৰ ক্ষেত্ৰত যিয়েই বিৰ্তক নাথাকক কিয় আমাৰ মাজত থকা বহু শিল্পীৰ সুপ্ত প্ৰতিভা প্ৰাণ পোৱা দেখা গ’ল। এক কথাত ক’বলৈ গ’লে বহু শিল্পী জন্ম হ’ল। আজিৰ এই বিশেষ দিনটোত অতীতৰ কিছু পৰম্পৰা আমি বাদ দিব লগা হোৱাত স্মৃতি হৈ মনলৈ আহিছে। ইয়াৰ ভিতৰত ম’হৰ যুঁজ, বুলবুলি চৰাইৰ যুঁজ অন্যতম। প্ৰিয় পাঠক, আজি এই দিনটোৰ আনন্দ লওক। বিহু খাওক, আপোনজনকো খুৱাওক। আৰু আমাকো আৰ্শীবাদ দিয়ক। সদৌ শেষত পুনৰ ভোগালী বিহুৰ বহু মৰম আৰু শুভকামনা আপোনাৰ লগতে সমূহ পৰিয়ালক জনালো।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন
সুন্দৰ অনুভৱ। ভোগালী বিহুৰ শুভেচ্ছা জনালো।
Dhonyabad
good…