আজি মাঘ বিহু। মাঘ বিহু মানে ভোগালী বিহু। এই মাঘ মাহ টোৱে কঢ়িয়াই আনে ভোগৰ ভোগজৰা। সকলো বস্তুৱেই সকলোতে উভৈনদী হয়। আজি আপোনালোকক জনাব বিচাৰিছো, এইবাৰ মাঘ বিহুৰ কেইটামান ভাল লগা কথা। যিবোৰ কথা অথবা কামৰ কথা শুনিলে আমাৰ প্ৰতিজন অসমীয়াৰে বুকুখন গদগদ হৈ পৰিব। আজিৰ পৰা কিছু বছৰ আগলৈকে অসমীয়া জা-জলপান বজাৰ মুখী হোৱাটো সকলোৰে সপোনৰ আগোচৰ অথবা সাঁথৰ আছিল। কিন্তু আজি কালি বিহু বুলিলেই পিঠা, জা-জলপান সকলোবোৰে বজাৰ মুখী হ’ল। বজাৰত ৰেডিমেড পেকেট পোৱা হ’ল। আমি জনা নজনাকৈয়ে অৰ্থনৈতিক ভাবে বহুখিনি আগুৱাই গ’লো। তাতোকৈ ডাঙৰ কথা এইবাৰ চহৰতো অলপকৈ হ’লেও সবেই (গাঁৱৰ নিচিনাকৈ নহ’লেও) Readymade মেজি উপলব্ধ হোৱা তথা বিক্ৰী হোৱা দৃশ্যই দেখি খুবেই আনন্দিত হ’লো। তৃতীয়তে ভেলাঘৰ নিৰ্মাণৰ ক্ষেত্ৰত যিয়েই বিৰ্তক নাথাকক কিয় আমাৰ মাজত থকা বহু শিল্পীৰ সুপ্ত প্ৰতিভা প্ৰাণ পোৱা দেখা গ’ল। এক কথাত ক’বলৈ গ’লে বহু শিল্পী জন্ম হ’ল। আজিৰ এই বিশেষ দিনটোত অতীতৰ কিছু পৰম্পৰা আমি বাদ দিব লগা হোৱাত স্মৃতি হৈ মনলৈ আহিছে। ইয়াৰ ভিতৰত ম’হৰ যুঁজ, বুলবুলি চৰাইৰ যুঁজ অন্যতম। প্ৰিয় পাঠক, আজি এই দিনটোৰ আনন্দ লওক। বিহু খাওক, আপোনজনকো খুৱাওক। আৰু আমাকো আৰ্শীবাদ দিয়ক। সদৌ শেষত পুনৰ ভোগালী বিহুৰ বহু মৰম আৰু শুভকামনা আপোনাৰ লগতে সমূহ পৰিয়ালক জনালো।
Trending
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি
- গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী


সুন্দৰ অনুভৱ। ভোগালী বিহুৰ শুভেচ্ছা জনালো।
Dhonyabad
good…