শৈক্ষিক দিশৰ লগতে ক্ৰীড়াক্ষেত্ৰতো উৎকৰ্ষ সাধনৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত তথা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ অসম ভিত্তিত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৮ খন বিশ্ববিদ্যালয়ৰ ২০০ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখন উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই ভাষণ প্ৰসংগত বৰ্তমান সময়ত শৈক্ষিক পাঠ্যক্ৰমত ক্ৰীড়াৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি কয় যে, “বৰ্তমান সময়ত শিক্ষাৰ সমান্তৰালভাৱে ক্ৰীড়াৰ ভূমিকাও অত্যন্ত গুৰুত্বপূৰ্ণ । সেই উদ্দেশ্যে আগত ৰাখিয়েই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমতো ক্ৰীড়াক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক অংকুৰ ভৰালীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উক্ত পদক্ষেপক প্ৰশংসা কৰি কয় যে, “ৰাজ্যখনত ক্ৰীড়া সংস্কৃতি অধিক শক্তিশালী কৰি তুলিবলৈ এইধৰণৰ প্ৰতিযোগিতা অত্যন্ত প্ৰয়োজনীয়। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই ভাষণ প্ৰসংগত সময়ে সময়ে প্ৰয়োজনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ক সহায় সহযোগিতা আগবঢ়াই অহা যুৱ কল্যাণ বিভাগক ধন্যবাদ জ্ঞাপন কৰি বিশ্ববিদ্যালয়সমূহৰ মাজত সম্প্ৰীতি, সমন্বয় আৰু সুস্থ ক্ৰীড়াসুলভ মানসিকতা গঢ়ি তোলাত এনে প্ৰতিযোগিতাসমূহে বিশেষ ভূমিকা পালন কৰে বুলি উল্লেখ কৰে। আনহাতে উদ্বোধনী অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণী সমূহৰ সচিব অধ্যাপক সঞ্জয় কুমাৰ সিং, ছাত্ৰ কল্যাণ সঞ্চালক আৰু বিশ্ববিদ্যালয়ৰ ক্ৰীড়া পৰিষদৰ সাধাৰণ সম্পাদক ডঃ ৰঞ্জন কুমাৰ কাকতি, উপ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ কুলদীপ পাটগিৰি, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি গুঞ্জন ডেকা সমন্বিতে অধ্যাপক তথা খেলুৱৈসকল উপস্থিত থাকে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan