এপল’ এক্সেলকেয়াৰ হাস্পতালৰ উদ্যোগত সজাগতা কাৰ্যসূচী -এছ বি আইৰ মুখ্য কাৰ্যালয়ত ৰক্তদান শিবিৰ সম্পন্ন
গুৱাহাটীৰ এপল এক্সেলকেয়াৰ হাস্পতালৰ উদ্যোগত বিশ্ব থেলাচেমিয়া দিৱস উপলক্ষে “Hidden No More: Finding the Undiagnosed, Supporting the Unseen” বিষয়বস্তুৰ অধীনত থেলাচেমিয়া ৰোগীৰ বাবে প্ৰাৰম্ভিক পৰীক্ষা, প্রতিষেধ আৰু উন্নত চিকিৎসাৰ গুৰুত্ব আৰোপ কৰি আজি এক সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয় । এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত ভাগ লৈ হাস্পতালৰ জ্যেষ্ঠ হেমাটোলোজি পৰামৰ্শদাতা ডাঃ অভিজিৎ ফুকন আৰু ৰক্ত কেন্দ্ৰৰ মূৰব্বী ডাঃ জয়ীসা দেৱে কয় যে থেলাচেমিয়া হৈছে এটা বংশগত ৰক্তজনিত ৰোগ, যাৰ বাবে সাধাৰণতে জীৱনজুৰি ৰক্ত সঞ্চালনৰ প্ৰয়োজন হয়। নিৰাপদ আৰু কাৰ্যকৰী ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি, হাস্পতালখনে এটা বিশেষ থেলাচেমিয়া ৰক্ত সঞ্চালন পেকেজ (THALPACK) আৰম্ভ কৰিছে । এই পেকেজত লিউকোৰিডিউচড আৰু Rh-Kell মিল থকা PRBC ৰক্ত সঞ্চালন, হিম’গ্লোবিন পর্যবেক্ষণ, আৰু বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ অন্তর্ভুক্ত আছে। তেওঁলোকে পৰীক্ষা, ৰক্ত সঞ্চালনৰ নিৰাপত্তা আৰু দীঘলীয়া যত্নৰ গুৰুত্বপূৰ্ণ দিশসমূহ ব্যাখ্যা কৰে। আনহাতে দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটীস্থিত ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। শিবিৰত কাৰ্যালয়ৰ ভালেকেইজন বিষয়া – কৰ্মচাৰীয়ে ৰক্তদান কৰে।