অপ্ৰমাদী কবি মাধৱ কন্দলিকৃত ৰামায়ণ সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কৰা গৱেষকসকললৈ ৰাষ্ট্ৰীয় বঁটাপ্ৰদানৰ ব্যৱস্থা

0 57

গুৱাহাটীত অৱস্থিত ২৮ বছৰে জাতীয় কৰ্মত জড়িত অন্যতম শৈক্ষিক, সাংস্কৃতিক ন্যাস প্ৰতিষ্ঠান লুইত জিষ্ট্ কমিউকেচন এডুকেচনেল ট্ৰাষ্টৰ নিবেদনত ১৬ সংখ্যক ৰাজ্যিক কৃতজ্ঞতা দিৱস ২০২৬ ৰ উপলক্ষত বৰ্ষজোৰা কাৰ্যসূচীৰ অন্তৰ্গত ২য় ৰাষ্ট্ৰীয় অযোধ্যানন্দন জন্মোৎসৱ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত প্ৰদান কৰিবলগীয়া বঁটা সন্মান প্ৰদান পৰ্ব অহা ৭ জুনত বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীত অনুষ্ঠিত হ’ব। ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰাপকসকলৰ দুখন নাম তালিকা প্ৰকাশ কৰা হৈছে যদিও এটি শিতানত প্ৰদান কৰিব বিচৰা তিনিগৰাকী বঁটাপ্ৰাপকৰ নাম ঘোষণা কৰা হোৱা নাই। উক্ত শিতানৰ বঁটাটি হ’ল-বিশ্ববিদ্যালয়ৰ অধীনত অপ্ৰমাদী কবি মাধৱ কন্দলিকৃত ৰামায়ণ সন্দৰ্ভত গৱেষণা কৰা পি-এইচ. ডি প্ৰাপক গৱেষকসকললৈ আগবঢ়োৱা বঁটা ৰাষ্ট্ৰীয় অপ্ৰমাদী কবি মাধৱ কন্দলি বঁটা-২০২৬( বিগত বৰ্ষত তিনিগৰাকী গৱেষকলৈ উক্ত বঁটা আগবঢ়োৱা হৈছিল। উক্ত বঁটাপ্ৰাপক সকল আছিল- অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ বিজয়া বৰুৱা ৰাজখোৱা,অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ ৰাজশ্ৰী বৰা আৰু অধ্যাপক ডঃ গোবিন্দ প্ৰসাদ ভূঞা) ন্যাসৰ বঁটা বিষয় বাছনি সমিতিৰ অধ্যক্ষা মৃদুস্মিতা গোস্বামী আৰু সচিব ৰাজীৱ হৰি কৌশিকে অনুৰোধ জনাইছে যে, যিসকল গৱেষকে ইতিমধ্যে মাধৱ কন্দলিকৃত ৰামায়ণ সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কৰ্ম সমাপন কৰিলে,তেওঁলোকলৈ উক্ত বঁটাৰ বাবে বাছনি কৰা হ’ব। ২০২৬ বৰ্ষৰ বাবে তিনিগৰাকী গৱেষকৰ নাম বঁটা প্ৰদানৰ বাবে বাছনিৰ ব্যৱস্থা গ্ৰহণ কৰিব। আগতীয়াকৈ যোগাযোগ কৰা গৱেষকসকলৰ নাম পৰ্যায়ক্ৰমে তালিকা ভুক্ত কৰা হ’ব।সবিশেষ জানিবলৈ ৮০১১১৮৭৮৯৯ নম্বৰত যোগাযোগ কৰিব পাৰে।

Leave A Reply

Your email address will not be published.