কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত কেইবাখনো প্ৰাদেশিকীকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১০ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কৰ্মচাৰীক আজি তেওঁলোকৰ অৱসৰৰ দিনটোতেই পেঞ্চনৰ ধন লাভৰ যাৱতীয় আদেশ পত্ৰ প্ৰদান কৰি সন্মান জনোৱা হয়। ২০২৩ চনত আৰম্ভ কৰা এনে প্ৰশংসনীয় পদক্ষেপৰ ধাৰাবাহিকতা ৰক্ষা কৰি কামৰূপ মহানগৰ জিলা চক্ৰৰ পাণবজাৰস্থিত বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ে এই পদক্ষেপ গ্ৰহণ কৰে। অৱসৰপ্ৰাপ্ত শিক্ষক- কৰ্মচাৰী কেইগৰাকীক অৱসৰী সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজিত এক বিশেষ অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত তথা ভাৰপ্ৰাপ্ত বিদ্যালয় পৰিদৰ্শক কেচিও কৰণ পেগুৱে আজি আনুষ্ঠানিকভাৱে এই আদেশপত্ৰসমূহ প্ৰদান কৰে। নিজৰ ভাষণত পেগুৱে বিদ্যালয় তথা ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ হকে সুদীৰ্ঘকাল নিষ্ঠা আৰু সততাৰে আগবঢ়োৱা সেৱাৰ বাবে অৱসৰপ্ৰাপ্ত শিক্ষক- কৰ্মচাৰী কেইগৰাকীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ অৱসৰী জীৱনৰ মংগল আৰু সুস্বাস্থ্য কামনা কৰে। অনুষ্ঠানত কামৰূপ মহানগৰ জিলা চক্ৰৰ সহকাৰী বিদ্যালয় পৰিদৰ্শক প্ৰবীন চন্দ্ৰ ৰাভা, জিলা প্ৰগ্ৰেম বিষয়া ৰংমিলন আহমেদ, জিলা একাডেমিক কাউন্সিল সম্পাদক জয়ন্ত কুমাৰ পাটগিৰি আৰু ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নয়ন জ্যোতি কলিতাৰ উপৰিও বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan