শিল্পীৰ মনৰ খবৰ

1 322

বিহুৰ বতৰত সকলোবোৰ শিল্পীয়ে ভীষণ ব্যস্ত। ব্যস্ত সংগীত চৰ্চাক লৈ অথবা বিহুৰ প্ৰস্তুতিক লৈ। আজি আমি উপস্থিত হৈছিলো শিল্পী সকলৰ বিহুৰ প্ৰস্তুতিৰ সম্পৰ্কে খবৰ জানিবলৈ। তেনে কেইগৰাকীমান জনপ্ৰিয় শিল্পীৰ মনৰ খবৰ আজি আপোনালোকলৈ আগবঢ়ালো। আহাকচোন জানো, কিদৰে প্ৰস্তুতি চলাইছে অথবা মঞ্চত কিদৰে দেখা পাম তাৰেই অলপ আভাস লও।

1

নৱ প্ৰজন্ম জনপ্ৰিয় শিল্পী সীমান্ত শেখৰে ইতিমধ্যে বিহুৰ মঞ্চৰ বাবে সাজু হৈ উঠিছে। এই সম্পৰ্কে সীমান্ত শেখৰে আমাক এনেদৰে জানিবলৈ দিয়ে। বিহু মঞ্চত এইবাৰ মোৰ নিজৰ গান সমূহৰ উপৰিও Folk Song আৰু পশ্চিমবংগৰ বাউলক ফিউজন কৰি গীত পৰিবেশন কৰিম। বহুকেইজন পশ্চিমবংগৰ শিল্পীক সহ শিল্পী হিচাপে ৰাইজে দেখিবলৈ পাব। এই চেগতে সমগ্ৰ অসমবাসীক ৰঙালী বিহু শুভেচ্ছা জনাইছো।

 

3

আনহাতে আন এগৰাকী শিল্পী বাবুৱে ইতিমধ্যে ২০ খন অনুষ্ঠানৰ বাবে বুকিং হৈছে। অসমৰ লগতে বাংগালোৰতো গীত পৰিবেশনৰ বাবে প্ৰস্তুত হৈছে। বাবুৰ মতে মই এইবাৰ মঞ্চত পুৰণি অসমীয়া বিহুগীত গাম আৰু সকলো অনুষ্ঠান ১২:৩০ ভিতৰত সমাপ্ত কৰিম। উল্লেখযোগ্য যে বাবুৰ এইবাৰৰ সহশিল্পী হিচাপে থাকিব স্মিতা কলিতা।

 

4

ইফালে শিল্পী তৰালী শৰ্মাই নিজৰ জনপ্ৰিয় গীত সমূহ লগতে লোক সংগীত পৰিবেশন কৰাৰ বাবে প্ৰস্তুত হোৱাৰ কথা জানিবলৈ দিছে। অসমীয়া সাজ পোছাক নিজৰ লগতে সহশিল্পী সকলেও পৰিধান কৰিব বুলি জানিবলৈ দিছে। সমূহ অসমবাসীক বিহুৰ শুভেচ্ছা জনাই শিল্পী গৰাকীয়ে কয় যে সকলোৰে মনবোৰ ভাল হওক, সুখ শান্তিত থাকক।

প্ৰিয় পাঠক, এয়া আছিল কেইগৰাকীমান শিল্পীৰ থোৰতে মনৰ বতৰা। এনে ধৰণৰ খবৰৰ বাবে চাবলৈ নাপাহৰিব www.nefocus.com

 

1 Comment
  1. neelim chandan says

    Good jani val lagil

Leave A Reply

Your email address will not be published.