দুটা ভাল খবৰ

0 277

1

অসমৰ পৰ্যটন ক্ষেত্ৰলৈ কিছু সম্ভৱনা কঢ়িয়াই আনিছে তেলেংগনা পৰ্যটন বিভাগে। কালি মহানগৰীৰ খানাপাৰাস্থিত “টাজ ভিভাণ্টাত” অনুষ্ঠিত এক অনুষ্ঠানত এই কথা সদৰী কৰে। লগতে দুয়োখন ৰাজ্যৰ পৰ্যটনৰ ক্ষেত্ৰ সমূহৰ সাদৃশ্য কথা মন্তব্য কৰে। উল্লেখযোগ্য যে অসমৰ পৰ্যটকৰ বাবে ৩০ % পৰ্যটন ক্ষেত্ৰত ৰেহাইৰ কথা ঘোষণা কৰে। স্মতৰ্ব্য যে তেলেংগনা পৰ্যটনৰ অধ্যক্ষ Pervaram Ramulu কয় যে তেলেংগনা পৰ্যটন কেন্দ্ৰতে  অসম পৰ্যটনৰ বাবেও এক কাৰ্য্যালয়ৰ ব্যৱস্থা থাকিব। অনুষ্ঠানত ৰাজ্যখনৰ খাদ্য সম্ভাৰ, কলা, সংস্কৃতি মঠ মন্দিৰ খনি পৰ্যটন ক্ষেত্ৰবোৰৰ সবিশেষ তথ্য দাঙি ধৰে।

2

আনহাতে ৪ এপ্ৰিলৰ পৰা ব্ৰহ্মপুত্ৰ ফেৰী ঘাটত অনুষ্ঠিত হোৱা অষ্টম ৰাষ্ট্ৰীয় ড্ৰেগন বোট ৰেডিং চেম্পিয়নচিপত জন্মু কাশ্মীৰৰ মহিলাৰ দলে প্ৰথমটো সোণৰ পদক অৰ্জন কৰে। ভাৰতৰ মুঠ ১৭ টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। কেৰেলা, অন্ধপ্ৰদেশ, অসম, উত্তৰ প্ৰদেশকে আদি কৰি বহুকেইখন ৰাজ্যই অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। সমান্তৰালভাবে অসমৰ ছয়গাৱৰ নাও খেলৰ গীত, বিহু অনুষ্ঠানটোৰ লগত সংগতি ৰাখি প্ৰদৰ্শিত হয়। উল্লেখযোগ্য যে এই ড্ৰেগন বোট চেম্পিয়নচিপ অহা বছৰত আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত চীনত অনুষ্ঠিত হ’ব।

3

4

Leave A Reply

Your email address will not be published.