প্ৰবাসী অসমীয়াৰ এক পদক্ষেপ

0 270

2

গুৰুজনাক বিশ্বদৰবাৰত জিলিকাই তোলা তথা প্ৰবাসী নৱপ্ৰজন্ম মাজত আমাৰ কৃষ্টি সংস্কৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যেৰে লণ্ডনত শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতি কেন্দ্ৰ নাম এক অনুষ্ঠান গঠনৰ প্ৰচেষ্টা হাতত লোৱা কথা জানিব পৰা গৈছে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা এক সংবাদমেলত আয়োজক ডাo কৰুণা সাগৰ দাসে এই মন্তব্য কৰি কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্ত্তমান ১৫০০ শৰো অধিক অসমীয়া মানুহ আছে। কিন্তু আমাৰ তাত কোনো স্থায়ী অনুষ্ঠান নাই। ভবিষ্যত প্ৰজন্মই যাতে আমাৰ পৰম্পৰা লগত কলা সংস্কৃতি, চৰ্চা, প্ৰসাৰ তথা এখন মঞ্চ পাই তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। আনহাতে অসমৰ পৰা যোৱা অতিথি তথা ছাত্ৰ-ছাত্ৰী সকলৰ থকাৰ ব্যৱস্থাৰ কৰা লগতে অসম আৰু অসমীয়া লগত জড়িত সম্পদ সমূহ ৰখাৰ এক ব্যৱস্থা কৰা হ’ব বুলি আয়োজকে জানিবলৈ দিছে। ২৫ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা এই অনুষ্ঠানটোৰ বাবে সমূহ ৰাইজৰ পৰা সহায় সহায়যোগিতা বিচাৰিছে।

এনেদৰে ইতিবাচক চিন্তাৰ দিশেৰে অগ্ৰসৰ হ’লেহে আজিৰ দিনত এটা জাতিৰ অস্তিত্ব থাকিব বুলি আশা কৰিব পাৰি।

Leave A Reply

Your email address will not be published.