চিনেমাৰ ইতিহাস জানিব পাৰিব প্ৰদৰ্শনীত

0 253

দ্বিতীয় গুৱাহাটী আন্ত: ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ চতুৰ্থ দিনা বিভিন্ন দিশৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ সমান্তৰালকে এখন প্ৰদৰ্শনী অনুষ্ঠিত হৈছে।এসময়ৰ জনপ্ৰিয় মিনি চিনেমা হোল খ্যাত বায়’স্কোপ প্ৰদৰ্শিত হৈছে। ১৮৯০ চনতে নিৰ্মিত বায়’স্কোপৰ জৰিয়তে চকুৰ পলকতে বিভিন্ন চিনেমা উপভোগ কৰিব পাৰি। বিশেষকৈ শিশুসকলে বায়’স্কোপৰ জৰিয়তে চিনেমা উপভোগ কৰি নিশ্চিতভাৱে আমোদ লাভ কৰিব।প্ৰদৰ্শনীত পৰিলক্ষিত হোৱা আন এটা প্ৰসংগ হ’ল ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ স্মাৰক আৰু চিনেমা সম্পৰ্কীয় সা-সামগ্ৰী। জ্যোতি চিত্ৰবনত সংগৃহিত হৈ থকা ১৯৬৮ ৰ চিনেমাত ব্যৱহৃত হোৱা প্ৰথমটো কেমেৰা প্ৰদৰ্শিত হৈছে। বিশেষকৈ অসমীয়া পুৰণি চিনেমা বোৰ পোষ্টাৰ  অথবা আৰকাইভত সংৰক্ষণ কৰি প্ৰদৰ্শিত কৰাটোৱে চলচিত্ৰ মহোৎসৱখনিক অন্য মাত্ৰ প্ৰদান কৰিছে।

Leave A Reply

Your email address will not be published.