সমগ্ৰ দেশত আৰ্থ সামাজিক জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা দক্ষিণ পশ্চিম মৌচুমী বায়ুয়ে চিৰাচৰিত ধৰণে এইবেলি দুৰ্গা পূজাৰ মাজতে অসম সহ উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ পৰা বিদায় ল`লে । অৱশ্যে এইবেলি মৌচুমী বায়ুৰ পৰা ভবা ধৰণে অসম তথা উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ কৃষক ৰাইজে বিশেষ উপকৃত নহল । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি এইবেলি পহিলা জুনত উত্তৰ পূবত প্ৰৱেশ কৰা মৌচুমী বায়ুয়ে প্ৰায় চাৰিমাহ বাৰদিন পাছত অৰ্থাৎ ১২ অক্টোবৰত দুৰ্গা পূজাৰ মহাসপ্তমীৰ দিনা উত্তৰ পূৱৰ পৰা নীৰৱে বিদায় লয় । এই সময়চোৱাত উত্তৰ পূৱৰ আটাইকেইখন ৰাজ্যতে উদ্বেগজনকভাবে কমি গল বৰষুণৰ পৰিমাণ । অৱশ্যে স্বাভাৱিকতকৈ ১৯ শতাংশ বৰষুণ কম বা বেছি হলে বতৰ বিজ্ঞানৰ ভাষাত তাক স্বাভাৱিক বুলিয়ে ধৰা হয় । সেই হিচাপত উত্তৰ পূবত একমাত্ৰ ত্ৰিপুৰাত ১৫ শতাংশ ঘাঁটি হৈছে যদিও বতৰ বিজ্ঞানৰ ভাষাত সেয়া স্বাভাৱিক বুলিয়ে পৰিগণিত হৈছে । কিন্ত তাৰ বিপৰীতে বাকী ৰাজ্য কেইখনৰ ভিতৰত মণিপুৰত সৰ্বাধিক ৬০ শতাংশ , অৰুণাচল প্ৰদেশত ২৮ শতাংশ , নাগালেণ্ডত ২৬ শতাংশ , অসম আৰু মিজোৰামত ২২ শতাংশ , মেঘালয়ত ২১ শতাংশ বৰষুণ ঘাঁটি হৈছে । পৰিসংখ্যা হিচাপত এই সময়ছোৱাত অসমত বৰষুণ হব লাগিছিল ১৪৮৬.২ মিলিমিটাৰ , কিন্ত হৈছে ১১৫১.৯ মিলিমিটাৰ । ত্ৰিপুৰাত হব লাগিছিল ১৪৫৭ মিলিমিটাৰ , কিন্তু হৈছে ১২৪৫ মিলিমিটাৰ । মণিপুৰত হব লাগিছিল ১৪০৪.৯ মিলিমিটাৰ । ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই বঙ্গোপ উপসাগৰত ঘটা কেতবোৰ প্ৰাকৃতিক পৰিঘটনাৰ বাবে সৃষ্টি হোৱা নিম্নচাপ আৰু সেই নিম্নচাপৰ প্ৰভাৱত ১৮ অক্টোবৰৰ পাছত অসমকে ধৰি উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ আকাশ দুদিন – তিনিদিনলৈ ডাৱৰীয়া হৈ থকাৰ লগতে ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ হব বুলি সদৰি কৰিছে । সমান্তৰালকৈ বতাহ বলি থাকিব বাবে তাপমাত্ৰা বহুখিনী কমি যাব আৰু ৰাইজে লাহে লাহে গেলা গৰমৰ পৰা ৰক্ষা পাব বুলি সদৰি কৰিছে।
Trending
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা
- 40 High‑Speed Inflatable Boats Handed Over to Fire & Emergency Services
- আকাশত মাজে সময়ে সূৰুয দেৱতাই ভুমুকি মাৰিলেও অব্যাহত থাকিব শীতৰ প্ৰকোপ
- মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাম-মন্দিৰত বিৰ-দি-বাট নোপোৱা পৰিৱেশ -নৱবর্ষক আদৰিবলৈ উদগ্ৰীৱ অধিকাংশ ভক্তপ্ৰাণ ৰাইজ